শিৱসাগৰ,8 জানুৱাৰী: আলফা(স্বা)ৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুক্তিৰ আহ্বান ঐক্য সেনা অসমৰ ৷ বিগত 21 ডিচেম্বৰতে অৰুণাচল প্ৰদেশৰ ডায়ুনত কুইপ তৈল কোম্পানীত কৰ্মৰত শিৱসাগৰ নগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ নামৰ লোক দুজনক আলফা(স্বা)ৰ কেডাৰে অপহৰণ কৰি নিছিল ৷ তেতিয়াৰে পৰা আজি 20 দিনে কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই দুয়োগৰাকী কৰ্মীৰে ৷ আনহাতে, লোক দুজন সন্ধানহীন হোৱা সন্দৰ্ভত অৰুণাচল প্ৰশাসন, অসম চৰকাৰ তথা কুইপ কোম্পানীৰ তৰফৰ পৰা কোনো উত্তৰ লাভ নকৰাত বৰ্তমান শংকাত ভূগিছে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালে ৷
আলফা(স্বা)ৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ দাবী ঐক্য সেনা অসমৰ
বিগত 21 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ ডায়ুনত কুইপ তৈল কোম্পানীত কৰ্মৰত শিৱসাগৰ নগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ নামৰ লোক দুজনক আলফা(স্বা) অপহৰণ কৰিছিল ৷ দুয়োগৰাকীৰে মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম তথা অৰুণাচল চৰকাৰক আহ্বান জনায় ঐক্য সেনা অসমে ৷
এই সময়তেই শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালৰ কাষত উপস্থিত হৈছে ঐক্য সেনা অসম ৷ গগৈৰ গৃহত উপস্থিত হৈ ঐক্য সেনা অসমে তেওঁৰ মুক্তিৰ বাবে অৰুণাচল আৰু অসম চৰকাৰক আহ্বান কৰাৰ লগতে দুয়োগৰাকী লোকে কৰ্মৰত কুইপ কোম্পানীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে ৷ সমান্তৰালকৈ, অসমৰ খিলঞ্জীয়া লোকক অপহৰণ কৰি নিয়া বাবে আলফা(স্বা) আৰু পৰেশ বৰুৱাকো সমালোচনা কৰে ঐক্য সেনা অসমে ৷ প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অতি শীঘ্ৰে মুক্তি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে ঐক্য সেনা অসমে । ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহত যোগদান কৰোতে এনে কঠিন পৰিস্থিতিত কোম্পানী কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ হোৱাকৈ চৰকাৰক এক চুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ঐক্য সেনা অসমে ৷
লগতে পঢ়ক-আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ