শিৱসাগৰ, 8 নৱেম্বৰ : শিৱসাগৰ জিলাক পুৰাতাত্বিক উদ্যান (ARCHAEOLOGICAL PARK) হিচাপে ঘোষণা কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আহোম সেনাই ৷ ৰজাদিনীয়া ঐতিহাসিক সম্পদেৰে ভৰপূৰ শিৱসাগৰ জিলাক পুৰাতাত্বিক উদ্যান হিচাপে ঘোষণা কৰাৰ বাবে ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ( Archaeological Survey of India) সঞ্চালকলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে, শিৱসাগৰ জিলাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ কৰাৰ দাবী জনাই অহা হৈছে যদিও বৰ্তমানলৈতকে সেয়া বাস্তৱ হৈ উঠা নাই ৷ ইয়াৰ ফলস্বৰূপে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আহোম সেনাই ৷ শিৱসাগৰৰ বৰপুখুৰী পাৰত থকা ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ (Archaeological Survey of India) কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷