শিৱসাগৰ, 8 জুলাই : চৰকাৰৰ বিভিন্ন নীতিক সমালোচনা কৰি আহোম সেনা,শিৱসাগৰ জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ । চৰকাৰৰ বিপক্ষে জিন্দাবাদ-মূৰ্দাবাদেৰে প্ৰতিবাদ বহু হ'ল এতিয়া আহোম সেনাই আৰম্ভ কৰিছে প্ৰশ্ন সোধাৰ প্ৰতিবাদ । চৰকাৰলৈ এলানি মুকলি প্ৰশ্ন এৰিছে আৰু প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰিছে সংগঠনটোৱে ।
বিশেষকৈ চৰকাৰৰ শেহতীয়া ভূমি আৰু উদ্যোগ নীতিক তীব্ৰ সমালোচনা কৰি চৰকাৰলৈ এই প্ৰশ্ন সমূহ এৰি ইয়াৰ উত্তৰ বিচাৰিছে চৰকাৰৰ পৰা । খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, চৰকাৰৰ খিলঞ্জীয়াৰ প্ৰতি প্ৰস্তাৱিত অধ্যাদেশ,অসম চুক্তিৰ ৬ নং দফা আদি বিভিন্ন বিষয়ত চৰকাৰক প্ৰশ্ন সুধি প্ৰতিবাদ সাৱ্যস্ত কৰে আহোম সেনাই ৷
চৰকাৰৰ বিভিন্ন নীতিক লৈ আহোম সেনাৰ প্ৰতিবাদ উল্লেখ্য যে, বিভিন্ন সময়ত খিলঞ্জীয়াৰ মাটি-ভেটি ৰক্ষাৰ শ্ল'গান দিয়া সোণোৱাল চৰকাৰে শেহতীয়াকৈ যি নতুন ভূমি নীতি প্ৰযোজ্য কৰিব খুজিছে তাকে লৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠন ইতিমধ্যে খৰ্গহস্ত হৈ পৰিছে চৰকাৰৰ ওপৰত ৷ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ এতিয়া কৃষি ভূমিত বিনা দ্বিধাই উদ্য়োগ স্থাপনৰ অনুমতি দি চৰকাৰে বহিৰাগত বণিয়াক বৰপীৰা পাৰি দিয়া বুলিও মন্তব্য কৰিছে বহুতে ৷ চৰকাৰৰ এই সিদ্ধান্তই খিলঞ্জীয়া ৰাইজৰ পৰিৱৰ্তে একাংশ বহিৰাগত আৰু ৰাজনৈতিক ক্ষমতা লোভী একাংশ নেতা-পালিনেতাক হে লাভান্বিত কৰিব বুলি শংকিত হৈছে ৰাজ্যৰ চহা জনতা ৷
লগতে পঢ়ক : ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া সবিশেষ