শিৱসাগৰ,2 ছেপ্তেম্বৰঃবুধবাৰে ঐতিহাসিক ৰংঘৰৰ বাকৰিত আহোম সেনাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদৰ্যাপন । দেশ-জাতিৰ অস্তিত্ব ৰক্ষাৰ পণ লৈ ২০১২ চনতে প্ৰতিষ্ঠা হোৱা আহোম সেনা অসমে ক’ভিড-১৯ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অতি অনুষ্টুপীয়াকৈ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে সংগঠনটোৱে।
আহোম সেনাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন - আহোম সেনাৰ অষ্টম
ৰংঘৰৰ বাকৰিত আহোম সেনা অসমৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ বিজেপিক শাসনৰ গাদীৰ পৰা উৎখাত কৰাৰ হুংকাৰ প্ৰদান ৷
![আহোম সেনাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ahom sena eight foundations day celebration at sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8650549-701-8650549-1599042009996.jpg)
আহোম সেনাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
আহোম সেনাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
সংগঠনৰ পতাকা উত্তোলন কৰি হেংদাঙত শ্ৰদ্ধা তৰ্পণ কৰাৰ পাছতেই অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলে ৰংঘৰৰ সন্মুখত দেশ-জাতি-সংস্কৃতি ৰক্ষাৰ সংকল্প লৈ অসম আৰু অসমীয়াৰ বাবে বিপদ হৈ পৰা বিজেপি দলকে ধৰি আন আন অসম বিৰোধী শক্তিক উৎখাত কৰাৰ হুংকৰ প্ৰদান কৰে। উক্ত প্ৰতিষ্ঠা দিৱসত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰি অনাগত দিনৰ কাৰ্যপন্থাৰ বাবে সহযোগ বিচাৰে অহোম সেনা অসমে।
লগতে পঢ়কঃ অচিৰেই পৰিৱৰ্তন সাধন হ’ব অসমৰ শিক্ষা বিভাগত