মৰাণ, 14 অক্টোবৰ :দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে বৃহস্পতিবাৰে ডিমৌত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীকে ধৰি দলটোৰ কেন্দ্ৰীয় নেতৃত্ব । দলৰ পতাকা উত্তোলন কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই, শ্বহীদ তৰ্পন কৰে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সতীৰ্থ সোঁৱৰণ কৰে অগপ দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা সমিতিৰ নেতা-কৰ্মী সকলৰ উপস্থিতিত বৃহস্পতিবাৰৰ দিনটোত ডিমৌত সৃষ্টি হয় এক উখল-মাখল পৰিৱেশৰ । ৩৭ টা বছৰত ভৰি থোৱা আঞ্চলিক দলটোৰ শক্তি অধিক দৃঢ় আৰু শক্তিশালী কৰাৰ মানসেৰে দলটোৰ কেন্দ্ৰীয় সমিতিয়ে থাওৰা বিধান পৰিষদৰ উদ্যোগত আৰু শিৱসাগৰ জিলা পৰিষদৰ সহযোগত প্ৰতিষ্ঠা দিৱসটি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে ।