অসম

assam

ETV Bharat / state

পৰিস্থিতিৰ বুজ ল'বলৈ অগপৰ তিনি মন্ত্ৰী কৰিমগঞ্জত উপস্থিত

কৰিমগঞ্জত জিলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন গুৰুতৰ সভাত উপস্থিত থাকে অগৰ তিনি মন্ত্ৰী ৷ সভাখনত উপস্থিত থাকে বিধায়ক,উপায়ুক্তৰ লগতে স্থাস্থ্য বিষয়া সকল ৷

By

Published : Apr 19, 2020, 4:06 PM IST

ETV BHARAT
পৰিস্থিতিৰ বুজ ল'বলৈ অগপৰ তিনি মন্ত্ৰী কৰিমগঞ্জত উপস্থিত

কৰিমগঞ্জ, 19 এপ্ৰিলঃ কৰিমগঞ্জত উপস্থিত হয় অগপৰ তিনি মন্ত্ৰী | বৰ্তমান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন গুৰুতপূৰ্ণ সভাত মিলিত হয় মন্ত্ৰীকেইজন ৷

পৰিস্থিতিৰ বুজ ল'বলৈ অগপৰ তিনি মন্ত্ৰী কৰিমগঞ্জত উপস্থিত

আজি বিশেষ বিমানযোগে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে কৰিমগঞ্জত উপস্থিত হয় অগপৰ তিনি মন্ত্ৰীকেশৱ মহন্ত,ফনীভুষণ চৌধুৰী আৰু অতুল বৰা ৷ কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ প্ৰেক্ষাগৃহত এখন বৈঠকত অংশ লয় তিনি মন্ত্ৰীয়ে। জিলাখনত খাদ্য সামগ্ৰীকে ধৰি সকলো বিষয়ৰ ওপৰত বিতং ভাৱে আলোচনা কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কৃষি মন্ত্ৰী অতুল বৰাই কয় যে,সকলো বিভাগ সামৰি জিলাৰ বিষয়ববীয়াৰ লগত আলোচনা কৰা হৈছে । আনহাতে, এমাহৰ বাবে সকলো জিলাতে খাদ্য সামগ্ৰী মজুত থকা বুলি সদৰি কৰে ৷ আনহাতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যত কৈ যদি কোনো ব্যৱসায়ীয়ে অত্যাৱশ্যকীয়া সামগ্ৰীত বেছি মূল্য লয় তেওঁলোকৰ বিৰুদ্ধে জিলা প্ৰশাসনে উপয়ুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷ তাৰোপৰি কৰিমগঞ্জকে ধৰি ৰাজ্যলৈ খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে অনাৰ বাবে সকলো ব্যবস্থা কৰা হ'ব বুলি মন্তব্য কৰে। সভাৰ অন্তত হাইলাকান্দি আৰু শিলচৰৰ অভিমুখে ৰাওনা হয় মন্ত্ৰী তিনিজন ৷

লগতে পঢ়ক- কোভিড-১৯ : অসমত সুস্থ হৈ উঠিছে ১২গৰাকীকৈ ৰোগী

ABOUT THE AUTHOR

...view details