শিৱসাগৰ, 9 ছেপ্টেম্বৰ:অৱশেষতআত্মসমৰ্পণ কৰিলে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই । শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শনিবাৰে হাজিৰ হয় শুভলক্ষ্মী দত্ত । আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীক । শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লৈছে শুভলক্ষ্মীক । জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়াগৰাকীক।
শনিবাৰ বন্ধৰ দিন হোৱা হেতুকে বিশেষ আদালতত বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মীক হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে । আৰক্ষী বিষয়াগৰাকীৰ ঘৰুৱা বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰা থানাত 36/2023 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।
ইয়াৰ উপৰিও 2019 চনত অনিল পাটৰ নামৰ এজন হ'ম গাৰ্ডক নিৰ্যাতন চলোৱা, ৰাজকুমাৰ গগৈ নামৰ এজন দেহৰক্ষী জোৱানক নিৰ্যাতন চলোৱা গোচৰতো শিৱসাগৰ থানাত 159/2019 নম্বৰৰ অধীনত গোচৰ ৰুজু হৈ আছে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 326 আৰু 334/2019 নং গোচৰৰ ভিত্তিত 325/506 আৰু SPACC/C/140/SP (SVR/2019) ৰ অধীনত আৰক্ষীয়ে অব্যাহত ৰাখিছিল ।