আমগুৰি, 23 জুলাই: গাহৰি পালকৰ মাজত হাহাকাৰ ৷ আফ্ৰিকান ছোৱাইন ফিভাৰে লৈছে সংহাৰী ৰূপ (African swine fever outbreak in Sivasagar)। আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন ৷ শিৱসাগৰ জিলাত ইতিমধ্যে জাৰি কৰিছে ১৪৪ ধাৰা (Section 144 issued in Sivasagar)। গাহৰি মাংস বিক্ৰি কৰা আৰু সৰবৰাহ বন্ধ কৰিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ (Ban on sale of pork issued in Sivasagar)।
আনহাতে, ক্ষতিগ্ৰস্ত গাহৰি পালকৰ ক্ষতিপূৰণক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চৰকাৰে ধাৰ্য কৰা ক্ষতিপূৰণ গাহৰি পালকৰ বাবে পৰ্যাপ্ত নহয় বুলি অসন্তুষ্টি প্ৰকাশ গাহৰি পালকৰ । উল্লেখ্য যে ,পশুপালন মন্ত্ৰী অতুল বৰাই সংবাদমেলৰ জড়িয়তে ক্ষতিপুৰণ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ।