অসম

assam

ETV Bharat / state

ডিমৌৰ মাজুমেলিয়াত আধাৰ কাৰ্ডত ব্যাপক দুৰ্নীতিঃ মহিলাক আটক - অসাধু চক্ৰ

শিৱসাগৰ জিলাৰ ডিমৌৰ মাজুমেলিয়া গাঁৱত আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি ৷ এখন আধাৰ কাৰ্ডৰ নামত সংগ্ৰহ কৰি আহিছে 500ৰ পৰা 1000 টকা ৷ প্ৰিয়ংকা গগৈৰ নামৰ এগৰাকী মহিলাক আটক ডিমৌ আৰক্ষীৰ ৷

AS_SVR_01_ADHAR_CARD_SCAM_vis_7203499
ডিমৌৰ মাজুমেলিয়াত আধাৰ কাৰ্ডত ব্যাপক দুৰ্নীতিঃ মহিলাক আটক

By

Published : Nov 9, 2020, 12:02 PM IST

শিৱসাগৰ,9 নৱেম্বৰ:আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি ৷ এখন আধাৰ কাৰ্ডৰ নামত সংগ্ৰহ কৰি আহিছে 500 ৰ পৰা 1000 টকা ৷ তেনে এক ঘটনাই সংঘটিত হৈছে শিৱসাগৰ জিলাৰ ডিমৌৰ মাজুমেলিয়া গাঁৱত ৷ মাজুমেলিয়া গাঁৱৰ অপূৰ্ব গগৈ ওৰফে টুটুকণ গগৈৰ ঘৰত দেওবাৰে নিশা ৫০০ টকাৰ বিনিময়ত একোখনকৈ আধাৰ কাৰ্ড বিক্ৰী কৰি আছিল প্ৰিয়ংকা গগৈ নামৰ এগৰাকী মহিলাৰ স্বামী আৰু তেওঁৰ এজন সতীৰ্থই ৷

ডিমৌৰ মাজুমেলিয়াত আধাৰ কাৰ্ডত ব্যাপক দুৰ্নীতিঃ মহিলাক আটক

এই খবৰ বিয়পি পৰাৰ লগে লগে মাজুমেলিয়া গাঁৱৰ গাঁওবাসীয়ে হাতে হাতে ৫০০ টকাকৈ লৈ ভিৰ কৰেহি অপূৰ্ব গগৈৰ ঘৰত। প্ৰায় অৰ্ধশতাধিক লোকৰ মাজত অসাধু চক্ৰটোৱে 500 টকাৰ বিনিময়ত আধাৰ কাৰ্ড দিছিলে তাৰ পাছত একাংশ স্থানীয় সচেতন ৰাইজৰ সন্দেহ হোৱাত গাঁওৰক্ষী বাহিনীৰ যোগেদি ডিমৌ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ প্ৰিয়ংকা গগৈৰ নামৰ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ কিন্তু আৰক্ষী অহাৰ পূৰ্বেই প্ৰিয়ংকা গগৈৰ স্বামী আৰু সতীৰ্থজন অপূৰ্ব গগৈৰ ঘৰৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷ ইফালে এই অসাধু চক্ৰটোৱে প্ৰশাসনৰ চকুত ধূলি দি ডিমৌ আৰু ইয়াৰ দাঁতিকাষৰীয়া কেইবাটাও অঞ্চলত কিছুদিনৰ পৰা আধাৰ কাৰ্ড দিয়াৰ নামত বহু লক্ষাধিক টকা সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

লগতে পঢ়ক:অসম সীমান্তৰ পৰা পিছুৱাই নোযোৱাৰ হুংকাৰ মিজোৰ

ABOUT THE AUTHOR

...view details