আমগুৰি, ১৩ জুলাই:আমগুৰিত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰত এজন কৰ্মচাৰীয়ে এগৰাকী মহিলাক কৰা অশালীন ব্যৱহাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ আমগুৰি খণ্ড উন্নয়ণ বিষয়া (Amguri block development officer)ৰ কাৰ্যালয়ৰ চৌহদত থকা আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰত(adhar card registration center) পঞ্জীয়ন কেন্দ্ৰটোৰ এজন কৰ্মচাৰীয়ে আধাৰ কাৰ্ড পঞ্জিয়ন সম্পৰ্কীয় কথাত কৰা অভব্য আচৰণে অসন্তুষ্ট কৰে উপস্থিত ৰাইজক ৷ বয়োজ্যেষ্ঠ মহিলা গৰাকীক চূড়ান্ত অভব্য আচৰণ কৰি কেন্দ্ৰটোৰ পৰা বাহিৰ কৰি দিয়াৰো অভিযোগ উত্থাপিত হয় কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে ৷
জানিব পৰা মতে, উক্ত কেন্দ্ৰটোৰ কৰ্মচাৰীজনে মহিলাগৰাকীৰ কন্যাৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিবলৈ অমান্তি হৈ ঘৰলৈ পঠিয়াই দিয়ে ৷ কিন্তু, একেসময়তে আন ব্যক্তিৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখে কৰ্মচাৰীজনে ৷ এই কথাত ক্ষুব্ধ হৈ যুৱতী গৰাকীয়ে মাতৃক কৰ্মচাৰীজনৰ আচৰণৰ কথা অৱগত কৰে ৷ এই সম্পৰ্কত মহিলা গৰাকীয়ে কৰ্মচাৰীজনক প্ৰশ্ন কৰাত ক্ৰোধিত হৈ কৰ্মচাৰীজনে তেওঁক অভব্য আচৰণ কৰে ৷
মহিলাক Get out কৈ ৰাইজৰ ৰোষত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰৰ কৰ্মচাৰী পঞ্জীয়ন কেন্দ্ৰটোৰ পৰা মহিলাগৰাকীক কৰ্মচাৰীজনে খেদি উলিয়াই পঠোৱাৰ লগতে নথি-পত্ৰ দলিয়াই দিয়াৰো অভিযোগ উত্থাপিত হৈছে ।
এই ঘটনাক লৈ কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা লগতে মহিলাগৰাকীক কৰা অভদ্ৰ আচৰণৰ পিছত আমগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় । মহিলাগৰাকীক কৰা অশালীন আচৰণক স্থানীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । ছাত্ৰকৰ্মী সকলৰ হস্তক্ষেপত পঞ্জীয়ন কেন্দ্ৰটোৰ কৰ্মচাৰীজনে মহিলাগৰাকীক কৰা অভদ্ৰ আচৰণৰ বাবে ক্ষমা খুজিবলৈ বাধ্য হয় ।
উল্লেখ্য যে, আমগুৰি খণ্ড উন্নয়ণ বিষয়াৰ (Amguri block development officer) কাৰ্যালয়ৰ চৌহদত থকা আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে প্ৰায়ে এনেদৰে পঞ্জীয়নকাৰী সকলক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । আনহাতে আধাৰ কাৰ্ড পঞ্জীয়নৰ নামত ১৫০ৰ পৰা ৪০০টকা পৰ্যন্ত লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ধন দিবলৈ অপ্ৰস্তুত হোৱা লোকক অভব্য আচৰণ কৰা এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে দায়িত্বশীল কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক :বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO