আমগুৰি, ২৪ জুন :শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানীত অসম আৰক্ষীৰ অভিযানত নিহত হোৱা কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ৷ পৰিয়ালৰ অভিযোগ প্ৰায় এমাহ পূৰ্বে জেলৰ পৰা ওলাই আহি আমগুৰিৰ ৰতনপুৰীয়া মঙলবাৰৰ আবেলি তিনি বজালৈকে নিজ গৃহতে আছিল বুবু কোঁৱৰ ৷ কিন্তু দুজন লোকে ফোনযোগে বুবু কোঁৱৰক মাতি নিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ৷
উল্লেখ্য যে, অসম কঁপোৱা চাঞ্চল্যকৰ কৈলাশ গিনোৰীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা উজনি অসমৰ একাধিক ব্যক্তিৰ চুপাৰী কিলাৰ বুবু কোঁৱৰৰ মৃত্যু ৷ আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় কুখ্যাত অপৰাধী বুবু কোঁৱৰ । শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী সীমান্তৰ আউট প’ষ্টৰ সমীপত বুধবাৰে সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত থিতাতে মৃত্যু হয় ৷ বুবু কোঁৱৰৰ মৃত্যুৰ পাচত আৰক্ষীৰ পৰা এই কথা জানিব পৰা গৈছে ।
অতি দুৰ্ধৰ্ষ অপৰাধী হিচাবে পৰিচিত বুবু কোঁৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টীয়ক অঞ্চলত গুলীয়াই হত্যা কৰিছিল ৷