শিৱসাগৰ,5 এপ্ৰিল:আলফা (স্বাঃ) ৰ দ্বাৰা অপহৃত সহকৰ্মী ৰাম কুমাৰৰ মুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈয়ে ৷ বিগত বৰ্ষৰ 21 ডিচেম্বৰত আলফা স্বাধীনে অৰুণাচলৰ ডায়ুনৰ পৰা কুইপ' কোম্পানীত কৰ্মৰত দুই বিষয়া ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰি নিছিল ৷
100 দিনতকৈও অধিক দিন বন্দী কৰি ৰখাৰ পাছত শনিবাৰে আলফাই শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিছিল ৷ বন্দীত্বৰ অৱসান ঘটাই মুকলি হৈয়ে গগৈয়ে তেওঁৰ সহকৰ্মী তথা কুইপ'ৰ কৰ্মচাৰী বিহাৰৰ ৰাম কুমাৰকো মুক্তি কৰি দিয়াৰ বাবে আলফা (স্বাঃ) ক আহ্বান জনাইছিল ৷