অসম

assam

ETV Bharat / state

'কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে' - বিজেপি গ' বেক, সঞ্জয় কৃষাণ গ' বেক,

'কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে'৷ ২১ ৰ নিৰ্বাচনত বৰ্তমানৰ চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব চাহ শ্ৰমিকসকলে ৷

'কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে'
'কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে'

By

Published : Sep 14, 2020, 1:15 PM IST

আমগুৰি,১৪ ছেপ্টেম্বৰ: 'কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে' ৷ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

'কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে'

দেশৰ অৰ্থনীতিলৈ বৃহৎ বৰঙণি আগবঢ়োৱা চাহ শ্ৰমিক সকলে বিগত কিছুদিন ধৰি দৈনিক মজুৰি বৃদ্ধিৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ সোমবাৰে পুনৰ শিৱসাগৰৰ নামতিত চাহ শ্ৰমিকসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত বৰচিলা চাহ বাগিছাৰ শ্ৰমিক সকলে বিজেপি গ' বেক, সঞ্জয় কৃষাণ গ' বেক, শ্ৰম মন্ত্ৰী হুচিয়াৰ, আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবী জনাই এই সংগঠনটোৱে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে । ইয়াৰ উপৰি অতি সোনকালে তেওঁলোকৰ সমস্যা সমূহ সামাধান নহ'লে ২১ ৰ নিৰ্বাচনত বৰ্তমানৰ চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :সাংবাদিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে আৰক্ষী জোৱানে

ABOUT THE AUTHOR

...view details