আমগুৰি, ১৩ জুন:শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই মঙলবাৰে আমগুৰি চাহ বাগিচা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে । চাহ শ্রমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত ২ ঘণ্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আমগুৰি চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাৰ হালোৱাটিং উপ শাখাৰ উদ্যোগত টিফুক, আমগুৰি আৰু টিৰু উপ শাখা প্ৰাথমিক গোটৰ সহযোগত সংগঠনটোৱে ১৪ দফীয়া এলানি দাবী উত্থাপন কৰি পৰিৱেশ উত্তাল কৰি তোলে ।
আটছাৰ হালোৱাটিং উপ শাখাই চাহ শ্ৰমিকৰ আৱাস সমস্যা, অনাময় ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ সমস্যা,নলা-নৰ্দমা, চিকিৎসা সমস্যাকে আদি কৰি মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । আমগুৰি, হালোৱাটিং, টিফুক আৰু তিৰু চাহ বাগিচাৰ স্থায়ী-অস্থায়ী শ্ৰমিকক উন্নত মানৰ ৰেচন প্ৰদান কৰা, আমগুৰি চাহ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থা কৰা, অৱসৰ গ্ৰহণ কৰা শ্ৰমিকসকলৰ গ্ৰেচুইটি, পি এফ আৰু সুতসমূহ শীঘ্ৰে প্ৰদানৰ দাবী জনায় ।