অসম

assam

ETV Bharat / state

AATSA protest in Amguri: বৰবাম চাহ বাগিচা ঘেৰাও আটছাৰ

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ । বৰবাম চাহ বাগিচাত শ্রমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ (Amguri Barbam Tea Estate) ।

By

Published : Jun 1, 2023, 2:12 PM IST

Amguri Barbam Tea Estate
চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী

আমগুৰি, ১ জুন:শিৱসাগৰ জিলাৰ আমগুৰি বৰবাম চাহ বাগিচাত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) বৰবাম চাহ বাগিচা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে (AATSA protest in Amguri) । চাহ শ্রমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ বৰবাম চাহ বাগিচা মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাৰ বৰবাম উপশাখাৰ উদ্যোগত আৰু বৰবাম, হালোৱাটিং, বাঘজান চাহ বাগিছা প্ৰাথমিক গোটৰ সহযোগত সংগঠনটোৱে ১৪ দফীয়া এলানি দাবী উত্থাপন কৰি পৰিবেশ উত্তাল কৰি তোলে (Protest in Amguri Barbam Tea Estate) ।

চাহ শ্ৰমিকৰ আৱাসগৃহৰ সমস্যা, অনাময় ব্যৱস্থা কৰা, বিশুদ্ধ খোৱাপানীৰ সমস্যা , নলা-নৰ্দমাৰ সমস্যা, চিকিৎসা সমস্যাকে ধৰি মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । বৰবাম, বাঘজান,হালোৱাটিং চাহ বাগিচাৰ স্থায়ী-অস্থায়ী শ্ৰমিকক উন্নত মানৰ ৰেচন প্ৰদান কৰা, হালোৱাটিং চাহ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থা কৰা, অৱসৰ গ্ৰহণ কৰা শ্ৰমিকসকলৰ গ্ৰেচুইটি, পি এফ আৰু সুত সমূহ শীঘ্ৰে প্ৰদানৰ দাবী জনায় (Tea Workers protest in Amguri)। তেওঁলোকে এই সমস্য়াসমূহ সমাধানৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই ।

অসম চাহ জনজাতি ছাত্ৰ সন্থই বাঘজান বাগিচাত খালী হৈ থকা কৰ্মচাৰী পদসমূহত শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী জনায় । অসম চাহ জনজাতি ছাত্ৰ সন্থই লগতে বাঘজান বাগিচাত এজন স্বাস্থ্য সহায়ক, এজন চিকিৎসক নিযুক্তি দিয়া ,হালোৱাটিং চাহ বাগিচাত এখন এম্বুলেন্সৰ ব্যৱস্থা কৰা ইত্যাদি মুঠ ১৪ দফীয়া দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । মেনেজমেন্ট হায় হায়, বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰক শ্ল'গানেৰে আটছাৰ লগতে দুই শতাধিক চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:Salman rejected Aamir film : আমিৰ খানৰ ছবিত অভিনয় নকৰে ভাইজানে, কিন্তু কি কাৰণে ছলমানে ল’লে এনে সিদ্ধান্ত ?

ABOUT THE AUTHOR

...view details