শিৱসাগৰ, 26 ছেপ্তেম্বৰ: শনিবাৰে শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত ৷ 6 জনগোষ্ঠীৰ জনজাতিকৰণ, ‘কা’ বাতিল, মূল্যবৃদ্ধি হ্ৰাস, অখিল গগৈৰ মুক্তি আদি বহুকেইটা দাবীৰে সিংহদ্বাৰৰ পৰা শিৱসাগৰ নগৰলৈ আটাছুসহ শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
এইবাৰ বিজেপিক ৰোধ কৰাৰ পৰিকল্পনা বাস্তৱ কৰিব আটাছুয়ে - সদৌ টাই আহোম ছাত্ৰ সন্থা
শিৱসাগৰত শনিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বাইক ৰেলীৰে প্ৰতিবাদ ৷ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
শিৱসাগৰত আটাছুৰ বাইক ৰেলী
সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুমকি দি সংগঠনটোৱে কয় যে, বিজেপি দলে বিগত নিৰ্বাচনতেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি চৰমভাৱে টাই আহোম জনগোষ্ঠীৰ লগতে আনসকলক ঠগি আহিছে । বিজেপি দলক আগন্তুক নিৰ্বাচনত ওফৰাই দিয়াৰ সংকল্প লৈ জনমত গঠনৰ কাৰ্য আৰম্ভ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই । 2021 চনৰ নিৰ্বাচনত বিজেপি দলক ৰোধ কৰাৰ সকলো পৰিকল্পনা বাস্তৱ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতৃত্বই ৷
লগতে পঢ়ক:বাক্সাত 2 লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ