অসম

assam

ETV Bharat / state

আছুৰ উদ্যোগত শিৱসাগৰত মুকলি বিহু - আছু

শিৱসাগৰত আছুৱে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে মুকলি বিহু ৷ এই বিহুতে গছৰ তলৰ বিহুৰ প্ৰদৰ্শনৰে অসমীয়া চহা জীৱনৰ চানেকি জীয়াই ৰাখিবলৈ চেষ্টা আছুৰ ৷

aasu sivsagar bihu
আছুৰ উদ্যোগত বিহু উদযাপন শিৱসাগৰত

By

Published : Apr 16, 2021, 8:59 PM IST

শিৱসাগৰ, 16 এপ্ৰিল :সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আজি অষ্টম বাৰ্ষিক মুকলি বিহুত উখল মাখল পৰিস্থিতিৰ সৃষ্টি হয় ঐতিহাসিক বর্ডিং খেলপথাৰত । বিগত বর্ষৰ দৰেই এইবাৰো আছুৱে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে মুকলি বিহু।

আছুৰ উদ্যোগত বিহু উদযাপন শিৱসাগৰত

উল্লেখযোগ্য যে, শদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক জীয়াই ৰাখি বিহুৰ স্বকীয়তা অক্ষুন্ন ৰখাত আছুৱে সদায় চেষ্টা কৰি আহিছে । তাহানিৰ আহঁত, বৰ গছৰ তলৰ বিহুৱে যদিও সময়ৰ সোঁতত মঞ্চত স্থান পালে তথাপি এই মুকলি বিহুখনৰ জড়িয়তে আছুৱে অসমীয়া চহা জীৱনৰ চানেকি জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে । যাৰ উদাহৰণ স্বৰূপে কৃত্ৰিম বৰ গছ, পদূলিমূখত নঙলা , চৈ দিয়া পদূলিৰে ৰাইজক আকৰ্ষণ কৰিবলৈও চেষ্টা কৰি আহিছে ।

ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা মুকলি বিহুখনত বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গোমচেং নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় । উদ্যোক্তা সকলে জনায় যে, বিহুখনৰ শুকুৰবাৰৰ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী দিপলীনা ডেকা উপস্থিত থাকিব ৷

লগতে পঢ়ক :ক'ৰণা কালত বিহু পাতিবলৈ দিয়াক লৈ প্ৰশ্ন মানস ৰবীনৰ

ABOUT THE AUTHOR

...view details