আমগুৰি, ১৯ ফেব্ৰুৱাৰী:মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । সমান্তৰালকৈ শিৱসাগৰৰ আমগুৰিতো শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আমগুৰি আঞ্চলিক ছাত্র সন্থাই আমগুৰি নগৰৰ চাৰিআলিৰ সমীপত প্ৰতীকি ৰূপত ৰন্ধন গেছৰ চিলিণ্ডাৰ, আলু, দাইল, পিয়াজ, মিঠাতেল আদি খাদ্য সামগ্রী সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
আমগুৰিত ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আমগুৰি নগৰৰ চাৰিআলিৰ সমীপত প্ৰতীকি ৰূপত ৰন্ধন গেছৰ চিলিণ্ডাৰ, আলু, দাইল, পিয়াজ, মিঠাতেল আদি খাদ্য সামগ্রী সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই ।
আমগুৰিত ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে জনোৱাৰ লগতে ৰাইজক চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাই প্ৰতিবাদী আছু কৰ্মীসকলে । লগতে অতি শীঘ্ৰে অত্যাৱশ্য়কীয় সামগ্ৰী মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনাই আমগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ।
লগতে পঢ়ক:কামৰূপ জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাৰ অসহযোগ কাৰ্যসূচী