অসম

assam

ETV Bharat / state

শিৱসাগৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট । শিৱসাগৰ জিলাৰ সৰ্বাংগীন উন্নয়ণৰ দাবীত বিক্ষোভ প্ৰদৰ্শন ।

By

Published : Oct 3, 2020, 2:47 PM IST

শিৱসাগৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
শিৱসাগৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

শিৱসাগৰ, ৩ অক্টোবৰ : শিৱসাগৰত অসম ৰাজ্যিক বি জে পি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগমণৰ প্ৰাকমূহুৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। শিৱসাগৰ জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে । জিলাখনৰৰ সৰ্বাংগীন উন্নয়ণৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে সংগঠনটোৱে।

শিৱসাগৰ জিলাক পৰ্যটন জিলাৰূপে গঢ়ি তোলা, ৰাজীৱ গান্ধী পেট্ৰ'লিয়াম শিক্ষানুষ্ঠান পূৰ্ণকালীনভাৱে আৰম্ভ কৰা, ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি পূৰ্ণ পাঠ্যক্ৰম আৰম্ভ কৰা, জয়মতী ক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, শিৱসাগৰত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা, ৰংঘৰৰ লাইট-চাউণ্ড নিৰ্মাণ সম্পূৰ্ণ কৰা, স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ নামত এক অত্যাধুনিক সংগ্ৰহালয় স্থাপন কৰা আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে এই দাবীসমূহ পূৰণৰ বাবে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ।

লগতে পঢ়ক :কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

ABOUT THE AUTHOR

...view details