অসম

assam

ETV Bharat / state

দিচাংমুখৰ খহনীয়াক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ - শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা

শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বান-গৰাখহনীয়াই বিধ্বস্ত কৰা দিচাংমুখৰ স্থায়ী সুৰক্ষাৰ বাবে যুগ সাপেক্ষ আৰু বাস্তৱ সন্মত পৰিকল্পনাৰে কৰ্মসূচী ৰূপায়নৰ দাবীত মানৱ শৃংখল(AASU's human chain protest in Sivsagar) ৷ মন্ত্ৰী বিধায়কে বাৰিষা বান পৰিস্থিতিৰ বুজ লৈ খৰালি কুম্ভকৰ্ণৰ নিদ্ৰাত নিমগ্ন হোৱাৰ অভিযোগ আছুৰ ৷

aasu-protest-for-river-erosion-affected-people-in-dichangmukh
দিচাংমুখৰ খহনীয়াক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Dec 17, 2021, 8:58 PM IST

শিৱসাগৰ, 17 ডিচেম্বৰ : শিৱসাগৰৰ দিচাংমুখৰ অফলাত বান গৰাখহনীয়াই বিধ্বস্ত কৰা ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী অৱসান ঘটাই যুগ সাপেক্ষ আৰু বাস্তৱ সন্মত পৰিকল্পনাৰ দাবীৰে দিচাংমুখৰ গড়ভগাত প্ৰতিবাদী মানৱ শৃংখল কৰ্মসূচী ৰূপায়ন কৰিলে আছুৱে(AASU's protest in Sivsagar) । প্ৰতি বছৰে বান বিধ্বস্ত অঞ্চলটোলৈ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে গৈ অঞ্চলটোৰ বুজ লয় আৰু প্ৰতিশ্ৰুতি দি যায় । অসমৰ মুখ্যমন্ত্ৰী তথা জল সম্পদ মন্ত্ৰী(Water resource minister Assam) উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল যদিও কোনো ধৰণৰ সঠিক সমাধানত উপনীত হোৱা নাই বান বিধ্বস্ত অঞ্চলটো ।

খৰালি কুম্ভকৰ্ণৰ নিদ্ৰাত নিমগ্ন হৈ জল সম্পদ বিভাগটোৱে বাৰিষা সাৰ পাই মাথো দুখনমান টিৰ্পাল আৰু বাঁহৰ পাৰ্কোপাইন যোগান ধৰি নিজৰ দায়িত্ব সামৰণি মৰাৰ অভিযোগেৰে শুকুৰবাৰে মানৱ শৃংখলৰ জৰিয়তে চৰকাৰক সকীয়াই দিছে আছু তথা স্থানীয় ৰাইজে । প্ৰতিবাদকাৰী সকলে প্ৰশ্ন কৰে যে কথাৰ ফুলজাৰি মাৰি বাৰিষা মেচিন নাৱত উঠি অসম চৰকাৰৰ জল সম্পদ দপ্তৰৰ মন্ত্ৰীয়ে কি বুজিব দিচাংমুখবাসীৰ সমস্যা ।

দিচাংমুখৰ খহনীয়াক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে, প্ৰতি বছৰেই পশুধন, কৃষিভূমি, গৃহকে ধৰি বাঢ়নী পানীত বুৰ গৈ নষ্ট হয় অঞ্চলটোৰ বহু সম্পতিৰ । বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ জীৱন আৰু নিৰাপত্তাৰ দিশটো চৰকাৰে গুৰুত্বপূৰ্ণ ভাৱে ল'বলৈ এই মানৱ শৃংখলৰ জড়িয়তে চৰকাৰলৈ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ আঞ্চলিক সমিতিয়ে(Sivsagar regional AASU) । শুকুৰবাৰে আছু কৰ্মীৰ লগতে খহনীয়াত আক্ৰান্ত ৰাইজে দিচাংমুখ-অফলাৰ গৰাখহনীয়া সমস্যাৰ এক স্থায়ী সমাধানৰ দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক :SBI ৰ ১৬৯ কোটি লৈ পলাই গ’ল নায়ক

ABOUT THE AUTHOR

...view details