শিৱসাগৰ, 16 আগষ্ট : শিৱসাগৰ নগৰখনক কেন্দ্ৰীয় চৰকাৰৰ বাজেটত আইকনিক চাইট হিচাপে ঘোষণা কৰি ফাইলতে সীমাবদ্ধ কৰি থোৱাৰ লগতে নগৰ খনৰ বিভিন্ন সমস্যাৰ শীঘ্ৰে সমাধান বিচাৰি সোমবাৰে আছুৱে ৰূপায়ণ কৰে এক অৱস্থান ধর্মঘট কার্যসূচী ৷ সোমবাৰে দিনৰ 11 বজাৰ পৰা শিৱসাগৰ নগৰৰ মুক্তি নাথ চাৰি আলিত এই অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷ শীঘ্ৰে এই দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰী আছু কৰ্মী সকলে ৷
এই প্ৰতিবাদৰ মূল দাবী সমূহ হৈছে-জিলা পুথিভঁৰালটো পূৰ্ণাংগ পৰ্যায়ত গঢ়ি তোলা, কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসৰি নিৰ্দিষ্ট কৰ্মপন্থাৰে শিৱসাগৰক 'আইকনিক চাইট' ৰূপে গঢ়ি তোলা আৰু শিৱসাগৰৰ চহৰৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধান কৰা ৷ ইয়াৰোপৰি ঐতিহাসিক তলাতল ঘৰৰ চৌহদত চাউণ্ড এণ্ড লাইটৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে ৷ লগতে শিৱসাগৰৰ শৈক্ষিক মানদণ্ড দিশটোত গুৰুত্ব আৰোপ কৰাৰ দাবী উথাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷