অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ প্ৰতিবাদ - assam food and civil supply minister

দেশত দেখা দিয়া ক'ৰণা আতংকৰ সময়চোৱাত চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ বাবে ব্যাপক হাৰত বৃদ্ধি পাইছে দৈনন্দিন ব্যৱহৃত সামগ্ৰী সমূহৰ মূল্য । এফালে ভাইৰাছৰ আতংক আনফালে বজাৰত লগা জুইৰ আতংক । মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰৰ এনে ব্যৰ্থতাক তীব্ৰ সমালোচনা কৰি শুকুৰবাৰে শিৱসাগৰ জিলা ছাত্র সন্থাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ প্ৰতিবাদ

By

Published : Jul 3, 2020, 5:49 PM IST

শিৱসাগৰ,৩ জুলাই : দেশত দেখা দিয়া ক'ৰণা আতংকৰ সময়চোৱাত চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ বাবে ব্যাপক হাৰত বৃদ্ধি পাইছে দৈনন্দিন ব্যৱহৃত সামগ্ৰী সমূহৰ মূল্য । এফালে ভাইৰাছৰ আতংক আনফালে বজাৰত লগা জুইৰ আতংক । এনে এক পৰিস্থিতিত সাধাৰণ মানুহৰ পানীত হাঁহ নচৰা এক অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু অসম চৰকাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে । ফলত এচাম মুনাফা লোভী ব্যৱসায়ীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি অত্যাধিক মূল্যবৃদ্ধিৰে জনসাধাৰণক মাধমৰ দিবলৈও কুণ্ঠাবোধ কৰা নায় ।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ প্ৰতিবাদ

মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰৰ এনে ব্যৰ্থতাক তীব্ৰ সমালোচনা কৰি শুকুৰবাৰে শিৱসাগৰ জিলা ছাত্র সন্থাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ছাত্ৰ সন্থাই অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰি এনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে শীঘ্ৰেই সৰ্বাত্মক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিলে ।

লগতে পঢ়ক :মঙলদৈত 26000 মাস্ক বিতৰণ বিধায়ক গুৰুজ্যোতি দাসৰ

ABOUT THE AUTHOR

...view details