আমগুৰি,২৫ জুলাই:বৰ্ষাশ্ৰীৰ মুক্তিৰ পাছতেই পোহৰলৈ আহিছে আন এজন যুৱকৰ প্ৰসংগ ৷ নাম বিতোপন চাংমাই ৷ ঘৰ আমগুৰি সমষ্টিৰ বালিপথাৰত ৷ বালিপথাৰৰ পুতুল চাংমাইৰ একমাত্ৰ পুত্ৰ বিতোপন চাংমায়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ লগত ফেচবুকত কথা পতাৰ বাবেই গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল (Bitupan Changmai in jail)। বৰ্ষাশ্ৰী গ্ৰেপ্তাৰ হোৱা পিছদিনাই আমগুৰি আৰক্ষীয়ে বিতোপন চাংমাইক ঘৰৰ পৰা উঠাই নিছিল ৷ প্ৰথমে সোধপোছ আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল বিতোপনক (Bitupan Changmai for supporting Barshashree) ৷
এই সংক্ৰান্তত বিভিন্ন মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতেই আমগুৰিৰ দুটাকৈ জাতীয় সংগঠনে বিতোপন চাংমাইৰ মুক্তিৰ বাবে আদালতৰ কাষ চাপিব বুলি প্ৰকাশ কৰিছে । টাই আহোম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে বিতোপন চাংমাইৰ মুক্তিৰ বাবে আদালতৰ কাষ চাপিব(AASU and KMSS will approach court on Monday for release of Bitupon Changmai) । উল্লেখ্য যে ৬৪ টা দিনৰ বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই আহে যদিও যোৱা দুটা মাহ বিতোপন চাংমাই অন্ধকাৰ কাৰাগাৰত বন্দী হৈ আছে (Bitupon Changmai in jail for last two months) ।