অসম

assam

ETV Bharat / state

উত্তাল আমগুৰিৰ টিফুক চাহ বাগিছা

আমগুৰিৰ টিফুক চাহ বাগিছাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । বিভিন্ন দাবীৰে বাগিছাৰ পৰিচালকলৈ এক স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠনটোৱে । পিছে কিহৰ বাবে সংগঠনটোৰ এই প্ৰতিবাদ ?

AASAA protest
উত্তাল আমগুৰিৰ টিফুক চাহ বাগিছা

By

Published : Sep 11, 2021, 1:50 PM IST

আমগুৰি, ১১ ছেপ্তেম্বৰ : দীৰ্ঘদিন ধৰি অসমৰ চাহ বাগিছা (Tea estate) অঞ্চলৰ লোকসকল চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । লগতে প্ৰতিখন চৰকাৰে চাহ বাগিছাৰ ৰাইজক প্ৰৱঞ্চনা কৰি অহাৰো অভিযোগ উত্থাপন হৈ আহিছে । যাৰ বাবে চাহ জনজাতিৰ উন্নয়নৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (All Adivasi Students' Association of Assam) চমুকৈ 'আছা'ই (AASAA) বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

উত্তাল আমগুৰিৰ টিফুক চাহ বাগিছা

এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰিত সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । আমগুৰিৰ টিফুক চাহ বাগিছাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । টিফুক চাহ বাগিছাৰ প্ৰাথমিক গোটৰ উদ্যোগত আৰু আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত স্থানীয় বাগিছাৰ শিক্ষিত নিবনুৱাসকলৰ নিযুক্তিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

বাগিছা কতৃপক্ষৰ মইমতালি, শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ নিযুক্তিত দুৰ্নীতিৰ লগতে শোষণ আৰু প্ৰৱঞ্চনাৰ অভিযোগ তুলি সংগঠনটোৱে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাৰ লগতে টিফুক বাগিছাৰ শ্ৰমিকসকলে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ।

উত্তাল আমগুৰিৰ টিফুক চাহ বাগিছা

প্ৰতিবাদৰ অন্তত বাগিছাৰ পৰিচালকলৈ এক স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠনটোৱে । লগতে প্ৰতিবাদকাৰী সকলে অন্যায় আৰু দুৰ্নীতি অতি শীঘ্ৰে বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰে । ইফালে চাহ বাগিছা অঞ্চলৰ ৰাইজৰ ওপৰত শোষণ আৰু প্ৰৱঞ্চনা সহ্য কৰা নহ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, শেহতীয়াকৈ আমগুৰি আৰু টিফুক চাহ বাগিছাত নিযুক্তি সম্পৰ্কীয় পৰীক্ষা অনুষ্ঠিত হৈছিল । লক্ষণীয়ভাৱে মৌখিক পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে একাংশ বাহিৰৰ লোকক নিযুক্তি প্ৰদান কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে । আনকি বে-আইনীভাৱে দিয়া নিযুক্তি সন্দৰ্ভত বাগিছা কতৃপক্ষক স্মাৰক পত্ৰও প্ৰদান কৰা হৈছিল ।

কিন্তু তাৰ পাছতে কতৃপক্ষই বাগিছাৰ নিবনুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বাধ্য হৈ বাগিছা কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়ক :জুৰীয়াত জব্দ ৮ লাখ টকাৰ চোৰাং কাঠ

ABOUT THE AUTHOR

...view details