অসম

assam

ETV Bharat / state

বাঁহ-বেতৰ শিপ্লক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নিপন গগৈৰ

নিজা প্ৰচেষ্টাৰে নিপন গগৈয়ে গঢ়ি তোলা "নিকো আৰ্ট এণ্ড ক্ৰাফট ইণ্ডাষ্ট্ৰি" নাম উদ্যোগটোৰ যোগেদি নিজে স্বাৱালম্বী হোৱাৰ লগতে গাঁৱৰে আন কেইবাজনো লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে ।

aamguri youth financially independent by establishing art and craft industry
বাঁহ-বেতৰ শিপ্লক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নিপন গগৈৰ

By

Published : Sep 17, 2020, 1:00 PM IST

আমগুৰি, 17 ছেপ্তেম্বৰঃ শিৱসাগৰ খনামুখ টিপমীয়া গাঁৱৰ এটি পৰিয়ালে বাঁহ শিল্পৰ যোগেদি স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । বাঁহ-বেতৰ শিল্পকৰ্মৰে জড়িত তোক্ষেশ্বৰ গগৈৰ লগতে পুত্ৰ নিপন গগৈয়েও পিতৃৰ পদাংক অনুসৰণ কৰি কুটীৰ শিল্পৰ লগত জড়িত হৈ পৰে । পূৰ্বপুৰুষৰ পদাংক অনুসৰণ কৰি আজিও পৰিয়ালটো শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে ।

বাঁহ-বেতৰ শিপ্লক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নিপন গগৈৰ
বিশ্বায়নৰ ধামখুমিয়াত হেৰাই যাবলৈ ধৰা অসমীয়া লোকসংস্কৃতিৰ অভিন্ন অংগ পৰম্পৰাগত সামগ্ৰীসমূহৰ উৎপাদন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ । যি সময়ত বিশ্বায়নৰ প্ৰভাৱত নৱ-প্ৰজন্মই আধুনিকতাৰ পিছত দৌৰি পৰম্পৰাগত ৰীতি-নীতিৰ লগতে পৰম্পৰাগত সামগ্ৰী সমূহকো বিসৰ্জন দিবলৈ কুন্ঠাবোধ কৰা নাই ঠিক সেই সময়তে নৱ-প্ৰজন্মৰ যুৱক তোক্ষেশ্বৰ গগৈৰ পুত্ৰ নিপন গগৈ জড়িত হৈ পৰিছে আজুককাৰ দিনৰ পৰা চলি অহা পৰম্পৰাগত বাঁহ বেতৰ শিল্পকৰ্মৰ সৈতে ।
বাঁহ-বেতৰ শিপ্লক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নিপন গগৈৰ

পিতৃ তোক্ষেশ্বৰ গগৈয়ে তাত-শালৰ প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰে । বাঁহৰ বিভিন্ন সামগ্ৰীক নতুনত্ব প্ৰদান কৰি নিপন গগৈয়ে বাঁহ বেতৰ চকী, মেজ, বিছনা আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে আ-অলংকাৰ আৰু বিভিন্ন সজোৱা সামগ্ৰী প্ৰস্তুত কৰি বৰ্তমান বহুল প্ৰচলিত ডিজিটেল মাধ্যমৰ সুবিধা গ্ৰহণ কৰি এই সামগ্ৰীসমূহৰ এখন বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

নিজা প্ৰচেষ্টাৰে নিপন গগৈয়ে গঢ়ি তোলা "নিকো আৰ্ট এণ্ড ক্ৰাফট ইণ্ডাষ্ট্ৰি" নাম উদ্যোগটোৰ যোগেদি নিজে স্বাৱালম্বী হোৱাৰ লগতে গাঁৱৰে আন কেইবাজনো লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ মৎস উৎপাদনৰে স্বাৱলম্বী ৰঙিয়াৰ দুই ব্যক্তি

বৰ্তমান নিজৰ উদ্যোগতো পঞ্জীয়ন কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নিপন গগৈয়ে চৰকাৰৰ সাহায্য লাভ কৰিলে উদ্যোগটোক বৃহৎ আকাৰ দিয়াৰ লগতে যথেষ্ট সংখ্যক লোকক কৰ্ম-সংস্থাপন দিবলৈ সক্ষম হ'ব বুলি মত পোষণ কৰে ।

বাঁহ-বেতৰ শিপ্লক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নিপন গগৈৰ

ABOUT THE AUTHOR

...view details