অসম

assam

ETV Bharat / state

শিৱসাগৰ জিলাৰ ৰূপহীমুখত জিলা বন বিভাগৰ অভিযান - AAMGURI

বন বিভাগৰ অভিযানটোত অৰুণাচলৰ পৰা সৰবৰাহ হোৱা কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ হয় । নৈপৰীয়া অঞ্চলটোৰ নদীৰ কাষৰ দুটা গোপন স্থানত লুকুৱাই থোৱা অৱস্থাৰ পৰা ৬৮ টাকৈ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে ।

শিৱসাগৰ জিলাৰ ৰূপহীমুখত জিলা বন বিভাগৰ অভিযান
শিৱসাগৰ জিলাৰ ৰূপহীমুখত জিলা বন বিভাগৰ অভিযান

By

Published : May 2, 2020, 12:44 PM IST

আমগুৰিঃ শনিবাৰে শিৱসাগৰ জিলাৰ ৰূপহীমুখত জিলা বন বিভাগে অভিযান চলায় । এই অভিযানত জব্দ হয় 68 টাক অবৈধ কাঠৰ কুণ্ডা ।

অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অবৈধ ভাৱে নদীপথ ব্যৱহাৰ কৰি অৰুণাচলৰ পৰা কাঠৰ কুণ্ডা সৰবৰাহ কৰি কাঠৰ ব্যৱসায় কৰি অহিছিল একাংশ অসাধু ব্যৱসায়ীয়ে । আৰক্ষীয়ে জব্দ কৰা লক্ষাধিক মূল্যৰ কাঠখিনি বাবুল(নৰেন), তপন, বিকাশ আৰু প্ৰফুল্ল(নগেন) নামৰ চাৰিগৰাকী অবৈধ ব্যৱসায়ীৰ আছিল বুলি বন বিভাগৰ লোকে প্ৰকাশ কৰে ।

ৰূপহীমুখত জিলা বন বিভাগৰ অভিযান

বন বিভাগে অভিযান চলাই নৈপৰীয়া অঞ্চলটোৰ নদীৰ কাষৰ দুটা গোপন স্থানত লুকুৱাই থোৱা অৱস্থাৰ পৰা কাঠৰ কুণ্ডা সমূহ জব্দ কৰে ।

অসাধু ব্যৱসায়ী চক্ৰটোৱে সুদীৰ্ঘ দিনৰ পৰা অঞ্চলটোত গৌৰীসাগৰ আৰক্ষী আৰু শিৱসাগৰ বন বিভাগৰ এগৰাকী বন বিষয়াৰ লগত মিতিৰালি কৰি নিৰ্বিঘ্নে অবৈধ কাঠৰ ব্যৱসায় চলাই আহিছিল ৷ যাৰ পৰিপ্ৰেক্ষিততে লকডাউনৰ দৰে চৰকাৰৰ কঠোৰ নিৰ্দেশনা অব্যাহত থকাৰ সময়তো কাষৰীয়া ৰাজ্য অৰুণাচলৰ পৰা কেইবা শ কিল'মিটাৰ জোৰা ব্ৰহ্মপুত্ৰৰ জলপথ অতিক্ৰম কৰি দহ লক্ষৰো অধিক মূল্যৰ কাঠ মজুত কৰিবলৈ সক্ষম হৈছিল বুলি একাংশ সচেতন লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

জব্দ হোৱা কাঠত কুণ্ডা সমূহ..

আনহাতে কাষৰীয়া ব্ৰহ্মপুত্ৰ চাপৰিত থকা বহু অপৈনত শিমলু গছ নিশাটোতে নাইকীয়া হৈ অহা ঘটনাট এই সকল অবৈধ ব্যৱসায়ীয়েই জড়িত বুলিও অভিযোগ কৰিছে একাংশ লোকে । শিৱসাগৰ জিলা বন বিভাগৰ আজিৰ পদক্ষেপক আদৰণী জনাইছে স্থানীয় লোকসকলে ৷

ABOUT THE AUTHOR

...view details