অসম

assam

By

Published : Sep 10, 2020, 11:47 AM IST

ETV Bharat / state

বিয়াৰ প্ৰলোভনেৰে যুৱতীক কৰিলে অন্ত:সত্বা

শিৱসাগৰ জিলাৰ হালোৱাটিঙত সংঘটিত হৈছে এক প্ৰৱঞ্চনাৰ ঘটনা ৷ বিয়াৰ প্ৰলোভনেৰে যুৱতীক প্ৰতাৰণা কৰিলে মনোজ কল নামৰ এজন প্ৰতাৰক যুৱকে ৷ যুৱতীগৰাকীক অন্ত:সত্বা কৰি পলায়ণ কৰে যুৱকজনে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে যুৱকৰ সন্ধান ৷

aamguri_sibsagor_halowating_boy_married
বিয়াৰ প্ৰলোভনেৰে যুৱতীক কৰিলে অন্ত:সত্বা

শিৱসাগৰ,10ছেপ্টেম্বৰ: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ শিৱসাগৰ জিলাৰ হালোৱাটিঙতো সংঘটিত হয় তেনেই এক অপৰাধজনিত ঘটনা ৷ বিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক অন্ত:সত্ত্বা কৰি পলায়ণ কৰিছে এজন যুৱকে ৷ অভিযুক্ত যুৱকজন টিংখাং কেন্দুগুৰিৰ মনোজ কল বুলি জানিব পৰা গৈছে ৷ ইফালে ৬ মহীয়া অন্ত:সত্বাত থকা যুৱতীগৰাকীৰ গৰ্ভস্থ সন্তানৰ দায়িত্ব অভিযুক্ত যুৱকজনৰ পৰিয়ালে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে অঞ্চলটোৰ একাংশ লোকৰ মাজত সৃষ্টি হয় ক্ষোভৰ লগতে উত্তেজনা ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে হালোৱাটিং আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷

বিয়াৰ প্ৰলোভনেৰে যুৱতীক কৰিলে অন্ত:সত্বা

অন্য এক খবৰৰ বাবে : সভাপতিৰ আসন বিচাৰি উচ্চ ন্যায়ালয়লৈ যাব অতুল বৰা

আনহাতে,৬ মহীয়া অন্ত:সত্ত্বা যুৱতীগৰাকীয়ে বৰ্তমানলৈকে গৰ্ভাৱস্থাত পাবলগীয়া চিকিৎসাৰ সুবিধা লাভ কৰা নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । বৰ্তমানলৈকে হালোৱাটিং আৰক্ষীয়ে অভিযুক্ত যুৱকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও আৰক্ষীয়ে চলাইছে অভিযুক্ত যুৱকজনৰ সন্ধান৷

ABOUT THE AUTHOR

...view details