অসম

assam

ETV Bharat / state

বানাক্ৰান্তৰ খবৰ ল'বলৈ আহৰি হ'বনে ৰজাঘৰীয়াৰ - ব্ৰক্ষ্মপুত্ৰ

আমগুৰি সমষ্টিৰ ৰূপহীমুখৰ বানাক্ৰান্ত ৰাইজৰ মাজত হাহকাৰ অৱস্থা ৷ প্ৰলয়ংকাৰী বানে অঞ্চলটোৰ 7 টাকৈ পৰিয়াৰ ঘৰ-মাটি-ভেঁটি উটুৱাই লৈ যায় ৷ বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ আহৰি পোৱা নাই কোনো জনপ্ৰতিনিধিয়ে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷

aamguri_rupohihat_flood_problem
ৰূপহীমুখৰ বানাক্ৰান্ত ৰাইজৰ মাজত হাহকাৰ অৱস্থা

By

Published : Oct 3, 2020, 12:53 PM IST

আমগুৰি, 3অক্টোবৰ : আমগুৰি সমষ্টিৰ ৰূপহীমুখৰ বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ পৰিস্থিতি ৷ বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটোৰ বাসিন্দাসকল পৰিছে নানা সমস্যাত ৷ বছৰেকত 6 টাকৈ অহা প্ৰলয়ংকাৰী বানত অঞ্চলটোৰ সাঁতটাকৈ পৰিয়ালৰ ঘৰ-মাটি-ভেঁটি সম্পূৰ্ণভাৱে ব্ৰহ্মপুত্ৰত জাহ যায় ৷ প্ৰলয়ংকাৰী বানত পথসমূহ ভাঙি যোৱাৰ ফলত অন্য প্ৰান্তৰ লগত ৰূপহীমুখৰ বিচ্ছিন্ন হৈ পৰে যোগাযোগ ব্যৱস্থা ৷ বিশেষকৈ ৰূপহীমুখ কুমাৰ গাঁৱত ব্ৰহ্মপুত্ৰই সুঁতি সলাই ৰূপ লয় নদীলৈ ৷

ৰূপহীমুখৰ বানাক্ৰান্ত ৰাইজৰ মাজত হাহকাৰ অৱস্থা

আনহাতে, ৰূপহীমুখ কুমাৰ গাঁৱৰ সাতটাকৈ পৰিয়াল ব্ৰহ্মপুত্ৰত জাঁহ যায় ৷ ৰূপহীমুখৰ ১নং আলিমুৰ,২নং আলিমুৰ,পুৰণিগুডাম,ৰূপহীমুখ কুমাৰ গাঁও,ৰূপহীমুখ মিচিং গাঁওকে ধৰি অঞ্চলটোৰ 10খনৰো অধিক গাঁও বানত সৰ্বশ্ৰান্ত । আহিনমহীয়া আবতৰীয়া বানে সম্পূৰ্ণ ৰূপে উটুৱাই লৈ যায় ৰূপহীমুখৰ ভদ্ৰেশ্বৰ কলিতা,প্ৰদীপ কলিতাৰ বাসগৃহৰ লগতে সাতটাকৈ পৰিয়ালৰ । এই দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ খবৰ ল'বলৈ আহৰি নাই শিৱসাগৰ জিলা প্ৰশাসনৰ । আমগুৰি সমষ্টিৰ বিধায়কৰ লগতে জলসম্পদ বিভাগেও গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা । যাৰ বাবে সাংদিকৰ আগত ক্ষোভিত হৈ পৰে বানাক্ৰান্ত ৰাইজ ।

ৰূপহীমুখৰ বানাক্ৰান্ত ৰাইজৰ মাজত হাহকাৰ অৱস্থা

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বাবে ৰূপহীমুখৰ তিনি হাজাৰ লোক সৰ্বশ্ৰান্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ ৰূপহীমুখৰ 'পাইলট প্ৰজেক্ট' নিৰ্বাচনী টোপ বুলি অভিহিত কৰি 2021 ৰ নিৰ্বাচনত বিধায়ক প্ৰদীপ হাজৰিকাক ইয়াৰ উচিত প্ৰতুত্তৰ দিয়া হ'ব বুলি ক্ষোভ প্ৰকাশ কৰে অঞ্চলবাসীয়ে ।

ৰূপহীমুখৰ বানাক্ৰান্ত ৰাইজৰ মাজত হাহকাৰ অৱস্থা

অন্য এক খবৰৰ বাবে: মাটিৰ কৰ পোৱা টকাৰে আঁচনি ঘোষণা কৰিছে মন্ত্ৰী হিমন্তই: নগেন ডেকা

ইফালে, শনিবাৰে বানাক্ৰান্তসকলৰ খবৰ ল'বলৈ ৰূপহীমুখত উপস্থিত হয় আমগুৰি সমষ্টিৰ কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্ত । যুৱনেত্ৰীগৰাকীয়ে ৰূপহীমুখৰ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় ।

ABOUT THE AUTHOR

...view details