অসম

assam

ETV Bharat / state

মৃত গাহৰিক সন্মুখত লৈ আমগুৰিত অভিনৱ প্ৰতিবাদ

আমগুৰি পশু চিকিৎসালয়ৰ সন্মুখত একাংশ লোকৰ প্ৰতিবাদ ৷ মৃত গাহৰিক সন্মুখত লৈ একাংশ গাহৰি পালকৰ লগতে কেইবাটাও সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

By

Published : May 7, 2020, 5:48 PM IST

AAMGURI PROTEST AGAINST VATENARY HOSPITAL
মৃত গাহৰিক সন্মুখত লৈ আমগুৰিত অভিনৱ প্ৰতিবাদ

আমগুৰি, 7 মে' : বৃহস্পতিবাৰে আমগুৰিৰ বৰাহীবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ সন্মুখত গাহৰি পালকৰ লগতে কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মৃত গাহৰিক সন্মুখত লৈ চিকিৎসালয়খনৰ চৌহদত সামাজিক দূৰত্ব বজাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি, চিকিৎসালয়খনৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰায় 1100 গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈছিল ৷ আক্ৰান্ত হোৱা গাহৰি সমূহক বৰাহীবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ইন্দু বৰাই ছোৱাইন ফিভাৰৰ ভেকচিনৰ সলনি ফিটা পেলুৰ ভেকচিন দিয়ে ৷ ফলত অঞ্চলটোত অৰ্ধ শতাধিক গাহৰি মৃত্যু মুখত পৰা বুলি গাহৰি পালক সকলে দাবী জনাই ৷ পৰিপ্ৰেক্ষিতত গাহৰি পালক সকলে ক্ষতিপূৰণ বিচাৰি চিকিৎসালয়খনৰ চৌহদত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৃত গাহৰিক সন্মুখত লৈ আমগুৰিত অভিনৱ প্ৰতিবাদ

আনকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাইয়ো উক্ত বিষয় সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপত এক উচ্চস্তৰীয় তদন্ত বিচাৰি চিকিৎসক গৰাকীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৷

মৃত গাহৰিক সন্মুখত লৈ আমগুৰিত অভিনৱ প্ৰতিবাদ

লগতে পঢ়ক : NHMৰ মুখ্য কাৰ্যালয়ৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details