আমগুৰি,৩০ জানুৱাৰী : আমগুৰিত তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বিস্ফোৰণত বিস্তৰ ক্ষতি ৷ আমগুৰি,নামতি,ৰামুঙীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ অএনজিচিয়ে তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বাবে বিস্ফোৰণ ঘটোৱাৰ ফলত অৰ্দ্ধ-শতাধিক পকী গৃহত মেলিছে ফাঁট । যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত । বিস্ফোৰণত ৰামুঙীয়া গাঁৱৰ বহু কৃষকৰ পকী গৃহত ফাঁট মেলাত গৃহবিলাক দুৰ্বল হৈ পৰে । অএনজিচিক এইক্ষেত্ৰত অঞ্চলবাসীয়ে বহুবাৰ জনাইছে যদিও অএনজিচিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
আমগুৰিৰ প্ৰতিটো ঘৰতে মেলিছে বৃহৎ ফাঁট!
আমগুৰিত অএনজিচিয়ে তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বাবে বিস্ফোৰণ ঘটোৱাৰ ফলত অৰ্দ্ধ-শতাধিক পকী গৃহত মেলিছে ফাট ৷ অএনজিচিৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী টাই আহোম যুৱ পৰিষদৰ ৷
ইফালে,অএনজিচিৰ এই কাৰ্যত টাই আহোম যুৱ পৰিষদে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানকাৰী সংস্থাক কৃষকৰ অপকাৰ হোৱাকৈ বিস্ফোৰণ নঘটাবলৈ দাবী জনায় । অঞ্চলটোৰ স্থানীয় লোকৰ লগতে টাই আহোম যুৱ পৰিষদে ক্ষতিগ্ৰস্থ লোকৰ উচিত ক্ষতিপূৰণৰো দাবী জনায় । ইতিমধ্যে জাতীয় সংগঠনটোৱে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি ক্ষতিগ্ৰস্থ লোকক ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত অএনজিচিৰ অনুসন্ধান প্ৰক্ৰিয়া বন্ধৰ দাবী জনাইছে ।
অন্য এক খবৰৰ বাবে:পুলৱামাত দুজন সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ