আমগুৰি,11 জানুৱাৰী: ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো এটা দিন বাকী ৷ ঘৰে ঘৰে ব্যস্ততা বাঢ়িছে পিঠা-পনা প্ৰস্তুতিৰ ৷ লগতে গাঁৱৰ ডেকা-বুঢ়া একত্ৰিত হৈ সাজি উলিয়াইছে ভেলাঘৰ ৷ সমান্তৰালকৈ, আমগুৰি কালুগাঁও জাপিসজীয়া গাঁৱতো আটকধুনীয়াকৈ ভেলাঘৰ সাজি ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে ৷
আমগুৰিৰ জাপিসজীয়া গাঁৱত গ্ৰামাঞ্চলৰ গৃহৰ আৰ্হিৰ ভেলাঘৰ - Bhogali 2021
ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো এটা দিন বাকী ৷ আমগুৰি কালুগাঁও জাপিসজীয়া গাঁৱতো প্ৰায় ৩০ ফুট উচ্চতাৰ কাঠৰ মেজি, সুৰংগ আৰু গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণ পৰিয়ালৰ গৃহৰ আৰ্হিত ভেলাঘৰ সাজি ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে ৷
![আমগুৰিৰ জাপিসজীয়া গাঁৱত গ্ৰামাঞ্চলৰ গৃহৰ আৰ্হিৰ ভেলাঘৰ As_Amg_japisajiya-gaon-bhelaghar_vis_AS10033](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10195565-thumbnail-3x2-a.jpg)
আমগুৰিৰ জাপিসজীয়া গাঁৱত গ্ৰামাঞ্চলৰ গৃহৰ আৰ্হিৰ ভেলাঘৰ
আমগুৰিৰ জাপিসজীয়া গাঁৱত গ্ৰামাঞ্চলৰ গৃহৰ আৰ্হিৰ ভেলাঘৰ
প্ৰায় ৩০ ফুট উচ্চতাৰ কাঠৰ মেজি, সুৰংগ আৰু গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণ পৰিয়ালৰ গৃহৰ আৰ্হিত ভেলাঘৰ আৰু এটা প্ৰতিকী গোণা ম’হ নিৰ্মাণ কৰিছে জাপিসজীয়া গাঁৱৰ ৰাইজে ৷ নৱপ্ৰজন্মক বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰেই এই ভেলাঘৰটি সাজি উলিওৱা বুলি জনায় গাঁওবাসীয়ে ৷
লগতে পঢ়ক-ৰাষ্ট্ৰীয় দলেৰে সনা-পিটিকা কৰা আঞ্চলিক দলৰ সৈতে মিত্ৰতা নহয় : লুৰিণজ্যোতি গগৈ