অসম

assam

ETV Bharat / state

শিৱসাগৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ: কেইবাটাও দাবী সম্বলিত পত্ৰ প্ৰেৰণ ৰাজ্যপাললৈ

প্ৰতিবাদত কঁপিল শিৱসাগৰ । আম আদমি পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্য়সূচী(AAP protest in front of Sivasagar DC office) । কেইবাটাও বিষয়ত আলোকপাত কৰি ৰাজ্যপাললৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।

শিৱসাগৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ: কেইবাটাও দাবী সম্বলিত পত্ৰ প্ৰেৰণ ৰাজ্যপাললৈ
শিৱসাগৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ: কেইবাটাও দাবী সম্বলিত পত্ৰ প্ৰেৰণ ৰাজ্যপাললৈ

By

Published : Jun 14, 2022, 3:32 PM IST

শিৱসাগৰ,১৪ জুন:শিৱসাগৰত আম আদমি পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰতিবাদ । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আপে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে(AAP protest in front of Sivasagar DC office) । শিক্ষকে জীৱন বীমাৰ এজেণ্টৰূপে কাম কৰিব নোৱাৰিব বুলি চৰকাৰে পোষণ কৰা মতক সমালোচনা কৰে আপে ।

লগতে যি সময়ত IRD য়ে তেনে কোনো নিৰ্দেশনা দিয়া নাই তেন্তে চৰকাৰে এই ক্ষেত্ৰত শিক্ষক সকলৰ মাজত এক ভয়ৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে আপৰ কৰ্মীসকলে । আনহাতে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰা পিপিই কিট কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাক এই সন্দৰ্ভত নিজৰ স্থিতি মুকলি কৰিবলৈ আহবান জনায় ।

শিৱসাগৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ: কেইবাটাও দাবী সম্বলিত পত্ৰ প্ৰেৰণ ৰাজ্যপাললৈ

সেইদৰে ডলু চাহ বাগানৰ উচ্ছেদক লৈও সৰৱ হৈ পৰে আম আদমি পাৰ্টিৰ শিৱসাগৰ জিলা সমিতি । কেন্দ্ৰীয় অসামৰিক বিমান বিভাগে সেউজ বিমান বন্দৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰা কোনো আৱেদন লাভ কৰা নাই বুলি স্পষ্ট কৰি দিয়াৰ পাছত কি কাৰণত ডলু চাহ বাগিচাৰ বৃহৎ ভূমিত উচ্ছেদ চলোৱা হ'ল এই প্ৰশ্নৰ উত্তৰ বিচাৰে আপে ।এই বিষয়বোৰৰ সন্দৰ্ভত ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে এই সমূহ বিষয়ক লৈ দলৰ তৰফৰ পৰা এক এজাহাৰ দাখিল কৰা বুলিও দলীয় বিষয়ববীয়াই সদৰী কৰে ।

লগতো পঢ়ক:Rahul appears before ED : দ্বিতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details