বৃক্ক ৰোগত আক্ৰান্ত আমগুৰিৰ দৰিদ্ৰ মহিলাক প্ৰয়োজন সহায়ৰ - মানটনীয়া গাঁও আমগুৰি
শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত মানটনীয়া গাঁৱৰ নিৰু ফুকন নামৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলা দুবছৰ ধৰি আক্ৰান্ত হৈ আছে বৃক্ক ৰোগত , উন্নত চিকিৎসাৰ বাবে এতিয়া মহিলা গৰাকীক সহায়ৰ প্ৰয়োজন ৷
আমগুৰি, 21 আগষ্টঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত মানটনীয়া গাঁৱৰ নিৰু ফুকন নামৰ এগৰাকী মহিলা বৃক্ক ৰোগত আক্ৰান্ত হৈ আৰ্থিক অনাটনৰ বাবে বঞ্চিত হ'বলগীয়া হৈছে উন্নত চিকিৎসাৰ পৰা ৷ যোৱা দুটা বছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰি আছে যদিও উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত ভুগিবলগীয়া হৈছে ৷ দুটি সন্তানৰ মাতৃ গৰাকীয়ে বৰ্তমান নিজা গৃহৰ বিচনাতে অতিবাহিত কৰিবলগীয়া হৈছে প্ৰত্যেকটো দিন ৷ উল্লেখযোগ্য যে, দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত ঘৰৰ মাটি, পোহনীয়া গৰু-ছাগলীৰ লগতে সোণৰ গহণা পৰ্যন্ত বিক্ৰী কৰিও কোনো সুফল লাভ লকৰাত বিপাঙত পৰিছে পৰিয়ালটো ৷ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰ তথা সদাশয় ব্যক্তিৰ সহায়ৰ প্ৰয়োজন৷ পৰিয়ালটোক কোনো লোকে সহায় কৰিব বিচাৰিলে ৯৪৩৫৯৯৩৪২৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অথবা IFSC-- UTBI0RRBAGB আৰু A/C NO 7175010033637 ত সাহাৰ্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৰ লোকে ৷