অসম

assam

By

Published : Jul 1, 2020, 7:39 PM IST

Updated : Jul 11, 2020, 7:27 PM IST

ETV Bharat / state

লক ডাউন আৰু অনলাইন পাঠদান : এক পৰ্যালোচনা

এক আকস্মিক পৰিৱেশৰ লগতে জটিল পৰিস্থিতি । স্বাভাৱিকভাৱে চলি থকা সমাজ ব্যৱস্থা হঠাৎ স্থৱিৰ হৈ পৰে । কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে সলনি হ’ল ৰাজ্যৰ শিক্ষাখণ্ডৰ ভেটি ৷ শিক্ষাৰ্থীসকলক শিক্ষা লাভৰ পৰা বঞ্চিত নহ’বলৈ প্ৰৱৰ্তন কৰা হ’ল অনলাইন শিক্ষাদানৰ ব্যৱস্থা ।

A story of Lock down and online class sivsagar assam etv bharat news
অনলাইন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন

শিৱসাগৰ,1 জুলাই: Covid 19 ৰ বিশ্বগ্ৰাসী প্ৰভাৱৰ ফলত ছন্দপতন ঘটিল ৰাজ্যৰ শিক্ষা খণ্ডৰ ৷ শিক্ষাক শিপাৰ সৈতে জড়িত ৰাখিবৰ বাবে বিদ্যালয়সমূহে আৰম্ভ কৰিলে অনলাইন শিক্ষা ব্যৱস্থা । ইণ্টাৰনেটৰ মাধ্যমেৰে আৰম্ভ হ’ল পাঠদানৰ কাৰ্যসূচী ৷ পূৰ্বে ৰাজ্যত কোনো ব্যৱস্থা নাছিল অনলাইন পাঠদানৰ ৷ ই প্ৰথমাৱস্থাত স্বাভাৱিক নাছিল শিক্ষক তথা শিক্ষাৰ্থীৰ বাবে ।

সলনি হ’ল ৰাজ্যৰ শিক্ষাখণ্ডৰ ভেটি

শ্ৰেণীকোঠাত সমজুৱা পাঠদানৰ সলনি এটা ম’বাইল অথবা লেপটপ লৈ অকলশৰীয়াকৈ পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে এই ব্যৱস্থাত । শূণ্য বেঞ্চৰ সন্মুখত এটা ডিভাইছ লৈ পাঠদান কৰিবলগীয়া হৈছে শিক্ষকসকলে ৷ এনে প্ৰতিকূল পৰিৱেশৰ মাজতো কিন্তু আগবঢ়াই নিব লগা হৈছে শিক্ষা অভিযান ৷ চলাই নিবলগীয়া হৈছে সকলো বিষয়ৰে পাঠদান ।

অনলাইন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন

কিন্তু অনলাইন শিক্ষা আজিৰ দিনত এক জৰুৰী মাধ্যম । নতুন নতুন বিষয়ৰ সৈতে চিনাকী হৈ শিক্ষাদান আৰু শিক্ষালাভৰ সংগ্ৰামখন চলাই নিব লগা হৈছে শিক্ষক-ছাত্ৰই । এই পৰিস্থিতিত সকলোৰে এটাই মাত্ৰ প্ৰয়াস হৈছে শিক্ষাৰ গতি ৰৈ নোযোৱাৰ চেষ্টা কৰাতো । পৰিস্থিতিৰ বাবে হোৱা সলনিসমূহক কেন্দ্ৰ কৰি অভিভাৱকসকল চিন্তিত হৈছিল । বিদ্যালয়সমূহে পৰিস্থিতিৰে মোকাবিলা কৰিবলগাকৈ প্ৰস্তুত কৰিবলগীয়া হৈছিল কাৰ্যসূচী ৷ ব্যৱহাৰিক শ্ৰেণী অনুষ্ঠিত নোহোৱাৰ বাবে শিক্ষাৰ্থীৰ পৰা মাচুল সংগ্ৰহ আৰু শিক্ষকৰ দৰমহা প্ৰদান আন এক চিন্তনীয় বিষয় আছিল । লগতে অভিভাৱকৰ ব্যয়ৰ পথসমূহ হ্ৰাস কৰাও আছিল এক দায়িত্ব । যাৰ বাবে অনলাইন শ্ৰেণীসমূহ পুৱা আৰু গধূলি আৰম্ভ হৈছিল । যাতে অভিভাৱকৰ ম’বাইল-লেপটপ আদি শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব পাৰে‌ ।

দুৰ্যোগৰ পিছতো আগুৱাই গৈছে শিক্ষা ব্যৱস্থা

বিদ্যালয়,শিক্ষক,ছাত্ৰ-ছাত্ৰী,অভিভাৱক আদি সকলোৰে সন্মিলিত প্ৰচেষ্টাত এই দুৰ্যোগৰ পিছতো আগুৱাই গৈছে শিক্ষা ব্যৱস্থা । পৰৱৰ্তী সময়ত হয়তো এই অনলাইন শিক্ষাই হৈ পৰিব আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰধান অংশ ।

লগতে চাওকঃশদিয়াৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ

Last Updated : Jul 11, 2020, 7:27 PM IST

ABOUT THE AUTHOR

...view details