শিৱসাগৰ,20 আগষ্ট:ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ মৃতকৰ সংখ্যাই অতিক্ৰম কৰিছে দুই শতাধিক ৷ কিন্তু তাৰ মাজতে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ প্ৰয়াসত ব্যস্ত প্ৰতিগৰাকী নাগৰিক ৷ ৰাজ্যত জাৰি কৰা লক ডাউন কিছু পৰিমাণে শিথিল হোৱাৰ পিছত ৰাজপথলৈ ওলাই আহিছে সকলো ৷ ইয়াৰ মাজতে স্বাভাৱিক হ’বলৈ ধৰিছে পৰিস্থিতি ৷ বিগত পাঁচ মাহৰ পৰা ৰাজ্যত বন্ধ হৈ আছিল সকলো শিক্ষানুষ্ঠান ৷ শিক্ষামন্ত্ৰীয়ে নিৰ্দেশ দিয়া অনুসৰি, ছাত্ৰ-ছাত্ৰী আহক বা নাহক শিক্ষক-শিক্ষয়িত্ৰী কিন্তু বিদ্যালয়লৈ আহিবই লাগিব ৷ কিন্তু সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত বাধ্যতামূলক হ’ব স্বাৱ পৰীক্ষা ৷ চলিত মাহৰ 20-30 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই স্বাৱ পৰীক্ষা ৷
ছাত্ৰ-ছাত্ৰী অবিহনে বিদ্যালয়ত শিক্ষকৰ কামেই বা কি ! মন্ত্ৰীগৰাকীৰ এই নিৰ্দেশৰ পিছতে সম্প্ৰতি বিমোৰত পৰিছে অভিভাৱকসকল ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পিছতো কিদৰে বিদ্যালয়লৈ পঠিয়াব সন্তানক ৷ যিহেতু শিশু আৰু প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত এই ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক ৷ ইফালে অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা প্ৰদান কৰি অহা হৈছে যদিও উপকৃত হোৱা নাই সকলো স্তৰৰ শিক্ষাৰ্থী ৷ সেয়ে জৰুৰী হৈ পৰিছে শ্ৰেণীকোঠাৰ পাঠদান ৷ তৎসত্বেও চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আশ্বস্ত হ’ব পৰা নাই অভিভাৱকসকল ৷ সামাজিক মাধ্যমৰ জৰিয়তে হোৱা এক সমীক্ষাত প্ৰকাশ পাইছে অভিভাৱকসকলে সন্তানক বিদ্যালয়লৈ নপঠোৱাৰ সিদ্ধান্ততে অটল থকাৰ কথা ৷ একাংশই পোনপটীয়াকৈ প্ৰকাশ কৰিছে যে, এনে ব্যৱস্থা সুৰক্ষিত নহয় ৷ চৰকাৰে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিশেষ ব্যৱস্থাৰ মাজেৰে পাঠদান আৰম্ভ কৰাৰ মৌখিক নিৰ্দেশ প্ৰদান কৰিছে যদিও পূৰ্ণ পৰ্যায়ৰ নিৰ্দেশ দিবলৈ এতিয়াও বাকী আছে ৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশ প্ৰদান কৰা নাই চৰকাৰে ৷ ফলত বিভাগসমূহে কি কৰা উচিত বা অনুচিত সেয়া এতিয়াও জ্ঞাত নহয় ৷