অসম

assam

ETV Bharat / state

অসমৰ এখন বিশেষ পঞ্চায়তঃদেখুৱাইছে আদৰ্শৰ বাট - দুৰ্নীতি

পঞ্চায়তখনে চাৰি বিঘা ভূমিত 5 হাজাৰ মাটিকঁঠাল আৰু 5 হাজাৰ সাঁচি পুলি ৰোপন কৰি দেখুৱাবলৈ সক্ষম হৈছে এতিয়া আদৰ্শৰ বাট । ইতিমধ্যে পূৰঠ হ'বলৈ ধৰা মাটিকঁঠালসমূহ আহাৰ মাহৰ শেষত বিক্ৰী কৰিবলৈ পৰা যাব বুলি পঞ্চায়তখনৰ কৰ্মকৰ্তাই সাংবাদিকক জানিবলৈ দিয়ে ৷

A special panchayat in Assam has shown the way to the ideal
অসমৰ এখন বিশেষ পঞ্চায়তঃদেখুৱাইছে আদৰ্শৰ বাট

By

Published : May 30, 2020, 4:43 PM IST

আমগুৰি,30মে':ৰাজ্যৰ পঞ্চায়তসমূহৰ কথা ক'লেই বাতৰিৰ শিৰোনাম দখল কৰে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ৷ কিন্তু এইবাৰ কোনো দুৰ্নীতি লৈ বাতৰিৰ শিৰোনাম দখল কৰা নাই পঞ্চায়তে ৷ নিজৰ প্ৰশংসনীয় পদক্ষেপেৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এইখন অসমৰে এখন বিশেষ পঞ্চায়তে ৷ পঞ্চায়তখন হ'ল শিৱসাগৰ জিলাৰ আমগুৰিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিকচু গাঁও পঞ্চায়ত ৷পঞ্চায়তখনে চাৰি বিঘা ভূমিত 5 হাজাৰ মাটিকঁঠাল আৰু 5 হাজাৰ সাঁচি পুলি ৰোপন কৰি দেখুৱাবলৈ সক্ষম হৈছে এতিয়া আদৰ্শৰ বাট । ইতিমধ্যে পূৰঠ হ'বলৈ ধৰা মাটিকঁঠালসমূহ আহাৰ মাহৰ শেষত বিক্ৰী কৰিবলৈ পৰা যাব বুলি পঞ্চায়তখনৰ কৰ্মকৰ্তাই সাংবাদিকক জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে মাটিকঁঠাল বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে পঞ্চায়তখনৰ আন্ত:গাঁথনি আৰু উন্নয়নমূলক কামত খৰচ কৰিব বুলিও মন্তব্য কৰে ৷উল্লেখযোগ্য যে, এই খেতিৰ জৰিয়তে গাঁওখনৰ বহুকেইগৰাকী পুৰুষ-মহিলাই এনেৰেগা আঁচনিৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰিবলৈও সক্ষম হৈছে । ইপিনে,নাগালেণ্ডৰ পৰা অনা বীজেৰে কৰা এই মাটি কঁঠালৰ উৎপাদনৰ পৰিমাণ পৰৱৰ্তী সময়ত দুগুণ অথবা তিনিগুণ হ'ব বুলি পঞ্চায়তখনৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় লোকসকলো আশাবাদী।

অসমৰ এখন বিশেষ পঞ্চায়তঃদেখুৱাইছে আদৰ্শৰ বাট

এতিয়া,শিৱসাগৰৰ দিকচু গাঁও পঞ্চায়ত হৈ পৰিছে চৰ্চাৰ বিষয় ৷পঞ্চায়তখনৰ এনে কৰ্মৰাজি ৰাজ্যৰ আন আন পঞ্চায়তে যদি গ্ৰহণ কৰে তেনেহ'লে হয়টো ৰাজ্যত উন্নয়নমূলক কৰ্ম আৰু অধিক ক্ষিপ্ৰতৰ হৈ উঠিব ৷

লগতে পঢ়কঃজনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি সম্পৰ্কে জ্ঞাত নহয় মুখ্য কাৰিকৰী বিষয়া

ABOUT THE AUTHOR

...view details