অসম

assam

ETV Bharat / state

ব্যৱহাৰকাৰীৰ মনৰ ইচ্ছাত চলিব তাম চাউঃ বস্তুটো কি ? - শিৱসাগৰ

শিৱসাগৰৰ মেটেকাঘাট নিৱাসী অভিজিৎ দুৱৰা নামৰ যুৱকগৰাকীয়ে উদ্ভাৱন কৰা যন্ত্ৰটো পৰিচিত হৈছে তাম চাউ(Taam Chao) নামেৰে । তাম চাউ শব্দটো মূলতঃ এটা টাই ভাষাৰ শব্দ,যাৰ অৰ্থ হৈছে মনৰ ইচ্ছা । এই যন্ত্ৰটোৰ পৰা মূলতঃ ছটা সুবিধা লাভ কৰিব ব্যৱহাৰকাৰীয়ে ৷

A new machine named tam chau invented by a boy of sivsagar assam etv bharat news
তাম চাউৰ উদ্ভাৱন

By

Published : Aug 6, 2020, 1:51 PM IST

শিৱসাগৰ,6 আগষ্ট: এগৰাকী প্রতিভাৱান যুৱকে আৱিস্কাৰ কৰিছে এটা বিশেষ যন্ত্ৰ ৷ শিৱসাগৰৰ মেটেকাঘাট নিৱাসী অভিজিৎ দুৱৰা নামৰ যুৱকগৰাকীয়ে উদ্ভাৱন কৰা যন্ত্ৰটো পৰিচিত হৈছে তাম চাউ(Taam Chao) নামেৰে । তাম চাউ শব্দটো মূলতঃ এটা টাই ভাষাৰ শব্দ,যাৰ অৰ্থ হৈছে মনৰ ইচ্ছা । এই যন্ত্ৰটোৰ পৰা মূলতঃ ছটা সুবিধা লাভ কৰিব ব্যৱহাৰকাৰীয়ে ৷ যন্ত্ৰটোৰ লগত সংলগ্ন এখন ব’ৰ্ডত থাকিব উষ্ণতাৰ তাৰতম্য ঘটাব পৰা ব্যৱস্থা ৷ উদাহৰণস্বৰূপে,কোনো এটা কোঠাত ফেন চলোৱাৰ ফলত কোঠাতো ঠাণ্ডা হ’লে ফেনখন নিজে বন্ধ হৈ যোৱাৰ বিপৰীতে কোঠাটো গৰম হ’লে ফেনখন নিজে চলিব ৷ দ্বিতীয়তে যন্ত্ৰটোত এটা ৰেগুলেটৰ আছে যাৰ জৰিয়তে ফেনৰ গতি হ্ৰাস বা বৃদ্ধি কৰিব পাৰিব । তদুপৰি ইয়াত এটা পাৱাৰ পইণ্ট আছে,যাৰ জৰিয়তে বৈদ্যুতিক বাল্ব,টিভি আদি সংযোগ কৰিব পৰা যাব ৷

তাম চাউৰ উদ্ভাৱন

ইয়াৰোপৰি,এটা নাইট লেম্প যন্ত্ৰটোত থাকিব যাক নিশাৰ ভাগত ব্যৱহাৰ কৰিব পাৰিব । যন্ত্ৰটোৰ অন্য এটা সুবিধা হৈছে পানীৰ লেভেল নিয়ন্ত্ৰণ কৰিব পৰা নিয়ন্ত্ৰক যাৰ সহায়ত টেংকীত পানী সম্পূৰ্ণকৈ ভৰ্তি হ’লে এটা সংকেত ধ্বনি বাজিব আৰু যাৰ পৰা পানী বৰ্তি হোৱা কথাটো জানিব পৰা যাব ৷ এই সকলো সুবিধাৰ উপৰিও এটা ম’বাইল ইউএছবি পইণ্ট যন্ত্ৰটোত সংলগ্ন কৰা হৈছে য’ত থাকিব ম’বাইল চাৰ্জিঙৰ ব্যৱস্থা ৷

উল্লেখ্য যে,বিভিন্ন সামগ্ৰীৰে বিশেষকৈ পেলনীয়া সামগ্ৰীৰ পৰা অভিজিৎ দুৱৰাই এতিয়ালৈকে উদ্ভাৱন কৰিছে প্রায় ৪৫ টাতকৈ অধিক যন্ত্ৰ ৷ যুৱকগৰাকীয়ে এই যন্ত্ৰ উদ্ভাৱনেৰে কর্মদক্ষতাৰ পৰিচয় দিয়াৰ লগতে সুপ্ত প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে । সম্প্ৰতি যুৱকগৰাকীয়ে তাম চাউ নামৰ যন্ত্ৰটো ব্যৱহাৰ কৰি ৰাইজ উপকৃত হোৱাৰ আশা প্ৰকাশ কৰিছে ৷

লগতে চাওকঃভাৰতত কৰ’ণা ভাইৰাছত এদিনতে আক্ৰান্ত সৰ্বাধিক 56,282 গৰাকী

ABOUT THE AUTHOR

...view details