আমগুৰি, 4 মে': মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অন্যতম অৱদান হ'ল ভাওনা । ভাওনা সংস্কৃতিৰ লগতে সংপৃক্ত হৈ আছে আপুৰুগীয়া মুখাশিল্প । যি ভাওনাৰ এক গুৰুত্বপূৰ্ণ অংগ । সাম্প্ৰতিক সময়ত মুখাশিল্পীৰ সংখ্যা ক্ৰমান্বয়ে তাকৰ হ'বলৈ ধৰিছে যদিও, দিখৌমুখ কালুগাঁও নকটানিৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ, মৌচম বিকাশ নেওগৰ মুখা নিৰ্মাণৰ শিল্পকৰ্মই আশাৰ বতৰা কঢ়িয়াই আনিছে ।
বিলুপ্তপ্ৰায় মুখাশিল্পৰ সাধনাত এগৰাকী কিশোৰ
এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ মৌচম বিকাশ নেওগৰ মুখা নিৰ্মাণৰ শিল্পকৰ্মই আশাৰ বতৰা কঢ়িয়াই আনিছে হেৰাই যাবলৈ ধৰা আপুৰুগীয়া মুখাশিল্পৰ ক্ষেত্ৰখনত ।
a new hope brings to the imperilled mask making culture of assam
উল্লেখ্য যে, বিগত তিনি বছৰ ধৰি মুখাশিল্পৰ লগত জড়িত হৈ আছে মৌচম বিকাশ নেওগ নামৰ কিশোৰজন । ৰাৱণ, জটায়ু, গৰুড়ৰ মুখাকে ধৰি ময়ুৰ, বকাসুৰ আদি বিভিন্ন আকৃতিৰ মুখা নিৰ্মাণ কৰি আহিছে বিকাশে । বিশেষকৈ লক্ ডাউনৰ সময়চোৱাত সময়ৰ অপব্যৱহাৰ নকৰি মুখাশিল্প নিৰ্মাণতে নিজকে ব্যস্ত ৰাখিছে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে ।
লগতে পঢ়কঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : সুধাকণ্ঠক উদ্ধাৰ বাবে আহিল উদ্ধাৰকাৰী দল !