অসম

assam

ETV Bharat / state

প্ৰেমৰ স্বৰ্গীয় অনুভুতিখিনি সজীৱ কৰি ৰাখিবলৈ এগৰাকী শিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস

পত্নী প্ৰেমৰ চানেকি দৃশ্যমান শিৱসাগৰৰ কালুগাঁৱৰ কদমণি চাপৰিত ৷ পত্নী প্ৰেমৰ চানেকি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত শিল্পী প্ৰদীপ গগৈয়ে একক প্ৰচেষ্টাত নিৰ্মাণ কৰিছে শিল্প সংগ্ৰহালয় আৰু কিতাপঘৰ নামেৰে এটা পুথিভঁৰাল ।

a Musiam Inaguration at amguri
প্ৰেমৰ বাবেই আমগুৰিত সৃষ্টি এক ‘অমৰ সৃষ্টি’

By

Published : Oct 4, 2021, 1:58 PM IST

আমগুৰি,4 অক্টোবৰ: প্ৰেম ভগৱানৰ দান । প্ৰেম ঈশ্বৰ প্ৰদত্ত এক শক্তি ৷ এক স্বৰ্গীয় অনুভুতিৰ নামেই হৈছে প্ৰেম । সঁচা প্ৰেম যেতিয়া আধৰুৱা হয় তেতিয়াই প্ৰাণ পাই উঠে এগৰাকী ব্যক্তিৰ বিভিন্ন সৃষ্টিশীল কৰ্মই ৷ এই আপ্ত বাক্যশাৰী সময়ে সময়ে প্ৰমাণিত হৈ আহিছে বিভিন্ন ক্ষেত্ৰত । প্ৰেমৰ বাবেই নিৰ্মাণ হৈছে বিশ্ব আশ্বৰ্য তাজমহল ।

কেৱল তাজমহলেই নহয়, বিশ্ববন্দিত বহু সৃষ্টিৰ আঁৰতো লুকাই আছে প্ৰেমৰেই অৱদান । খুব কমেইহে দেখিবলৈ পোৱা যায় সঁচা প্ৰেমৰ নিদৰ্শন ৷ সঁচা প্ৰেমৰ এনে এক সুন্দৰ নিদৰ্শন দেখা গ'ল শিৱসাগৰৰ কালুগাঁৱৰ কদমণি চাপৰিত ।

প্ৰচাৰ বিমুখ, নীৰৱ ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈয়ে সমাজত পত্নী প্ৰেমৰ এক নিদৰ্শন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷

শিল্পী প্ৰদীপ গগৈয়ে নিৰ্মাণ কৰিছে এটা গৃহ ৷ শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা গৃহটোৰ আছে কিছু স্বকীয় বৈশিষ্ট ৷ কিয়নো শিল্পী প্ৰদীপ গগৈয়ে পত্নী দিপালী গগৈৰ স্মৃতিত নিৰ্মাণ কৰিছে এই শিল্প সংগ্ৰহালয় আৰু কিতাপঘৰ নামেৰে এটা পুথিভঁৰাল । সম্পূৰ্ণ একক প্ৰচেষ্টাৰে গাঁঠিৰ ধন ভাঙি শিল্প সংগ্ৰহালয় আৰু পুথিভঁৰালটো নিৰ্মাণ কৰা হৈছে ৷

সংগ্ৰহালয়টোত আছে প্ৰদীপ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বহুবোৰ কাঠ আৰু শিলেৰে নিৰ্মিত ভাস্কৰ্যৰ লগতে অসমৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তিৰ অৱয়ব । নতুন প্ৰজন্মৰ বাবে ৰাখি থৈ গৈছে বহু আপুৰুগীয়া সমল ৷ এটুকুৰা নিৰ্জীৱ কাঠৰ টুকুৰাকো আকৰ্ষণীয় শিল্পলৈ পৰিৱৰ্তন কৰি তুলা এইগৰাকী শিল্পী কিন্তু আজিও বঞ্চিত চৰকাৰী পৃষ্ঠপোষকতাৰ পৰা ।

প্ৰেমৰ স্বৰ্গীয় অনুভুতিখিনি সজীৱ কৰি ৰাখিবলৈ এগৰাকী শিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস

সংগ্ৰহালয়টোৰ প্ৰাণে প্ৰাণে প্ৰৱাহিত আছে প্ৰদীপ গগৈৰ শিল্পী সত্বাৰ অপূৰ্ব চানেকি । পৰ্যটনৰ অপাৰ সম্ভাৱনা নিহিত হৈ থকা সংগ্ৰহালয়টোত আছে ছাত্ৰ-ছাত্ৰীৰ সহায়ক পৰা অনেক সমল । শিলত কাটি উলিওৱা বিভিন্ন বাণী আৰু অসমীয়া সমাজ জীৱনৰ পৰা লুপ্তপ্ৰায় বহু সামগ্ৰীৰে পৰিপূৰ্ণ হৈ আছে সংগ্ৰহালয়টো । তাৰোপৰি কিতাপঘৰত বহি আপুনিও প্ৰিয় গ্ৰন্থখনৰ পৃষ্ঠা মেলি চাব পৰাকৈ ব্যৱস্থা কৰিছে শিল্পীগৰাকীয়ে ।

শিল্পী গৰাকীৰ একক আৰু নিজা প্ৰচেষ্টাৰে গঢ় দিয়া এই সংগ্ৰহালয়টো নিশ্চিতভাৱে অসমৰ শিল্প জগতত এক মহৎ সংযোজন ৷ এই সংগ্ৰহালয় তথা পুথিভঁৰালটো নিৰ্মাণক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে এতিয়া শিল্পী প্ৰদীপ গগৈৰ শুভাকাংক্ষী সকলো ৷ শিল্পী প্ৰদীপ গগৈৰ এই সংগ্ৰহালয়টো সংৰক্ষণ কৰাৰ স্বাৰ্থত চৰকাৰেও দৃষ্টি নিক্ষেপ কৰক ৷ কিয়নো প্ৰেমৰ বাবেই সৃষ্টি হোৱা এই পুথিভঁৰালটোও হ’ব পাৰে পৰ্যটনৰ এক অন্যতম আকৰ্ষণ ৷

লগতে পঢ়ক:জনা-নজনা: উত্তৰ পূবৰ নায়েগ্ৰা পানীমূৰ

ABOUT THE AUTHOR

...view details