আমগুৰি, 29 জুলাই:পঢ়াৰ প্ৰতি দুৰ্বাৰ ধাউতি থকা এজন মেধাৱী ছাত্ৰ ৷ কিন্তু এক দুৰাৰোগ্য ৰোগৰ বাবে ছাত্ৰ গৰাকীৰ পঢ়াৰ প্ৰতি থকা হাবিয়াস হৈ ৰ'ল আধৰুৱা ৷ 2014 চনত কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ছাত্ৰ গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰিও আধাতে সামৰিবলগীয়া হৈছে শিক্ষা জীৱন ৷ ছাত্ৰ গৰাকী নামতি খনিকৰ গাঁৱৰ ফটিক খনিকৰ আৰু লিলি খনিকৰৰ সন্তান মুকুন্দ মাধৱ খনিকৰ ৷ প্ৰতিদিনেই জীৱনৰ শংকা আৰু সপোন ভগাৰ ব্যথাৰ মাজতে দিন কটাবলগীয়া হৈছে ছাত্ৰ গৰাকীয়ে ৷
হঠাতে বিচনাত পৰি ৰ'বলগীয়া হ'ল 5 বছৰ পূৰ্বৰ সেই সুঠাম শৰীৰৰ কৃতী ছাত্ৰ গৰাকী ৷ ছাত্ৰ গৰাকীৰ আছিল বহু সপোন ৷ ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখা ছাত্ৰ গৰাকীৰ নাই এতিয়া নিজৰেই চিকিৎসা কৰাৰ সামৰ্থ ৷ কিয়নো তেওঁক সুস্থ কৰি তোলাৰ স্বাৰ্থত ইতিমধ্যে সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো ৷ পৰিয়ালটোৱে 14 বিঘা মাটি বিক্ৰী কৰি পোৱা 45 লাখ টকাৰে মুকুন্দৰ চিকৎসা কৰিও সুস্থ কৰি তুলিব পৰা নাই তেওঁক ৷ অসমৰ ভিন্ন চিকিৎসালয়ৰ লগতে, অসমৰ বাহিৰত চিকিৎসা কৰিও কোনো সুফল নাপালে পৰিয়ালটোৱে ৷ তাৰ পাচতো তেওঁলোকে অব্যাহত ৰাখি গৈছে পুত্ৰক সুস্থ কৰি তোলাৰ অবিৰাম চেষ্টা ৷