অসম

assam

By

Published : Jun 1, 2020, 12:10 PM IST

ETV Bharat / state

চাৰিটা অস্ত্ৰোপচাৰ কৰিও সুস্থ নহ'ল পুত্ৰঃ ৰাইজৰ কৰযোৰে আহ্বান পিতৃৰ

ইতিমধ্যে পুত্ৰৰ চাৰিটাকৈ অস্ত্ৰোপচাৰ কৰি মাটি-ভেটি বিক্ৰী কৰি সৰ্বাস্বান্ত হৈ পৰিছে যোৰহাট গড় আলিৰ কাৰ্তীক দাস। পুত্ৰক জীয়াই ৰখাৰ তীব্ৰ হেঁপাহৰ বাবে সকলো বিক্ৰী কৰি হলেও অব্যাহত ৰাখিছে চিকিৎসা।

A father begging help to treatment his son at Sivsagar
পুত্ৰৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত পিতৃৰ সহায় ভিক্ষা

শিৱসাগৰ,1 জুন: অসমৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ প্ৰকট কৰি শিৱসাগৰত এগৰাকী পিতৃৰ ক্ৰন্দন । যোৰহাট দেৱাল ৰোডৰ কাৰ্তীক দাসৰ পুত্ৰ ৰূপজ্যোতি দাস দীৰ্ঘ দিনৰ পৰা মগজুৰ টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছে । যোৰহাটৰ সঞ্জিৱনী চিকিৎসালয়ত এই ৰোগ ধৰা পৰাৰ পাছতে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ নিৰাশ হোৱা কাৰ্তীক দাসে ঘৰৰ মাটি-ভেটি বিক্ৰী কৰি গুৱাহাটীৰ গেইট চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্পন্ন কৰে পুত্ৰৰ । কিন্তু তথাপিও সুস্থ নহ'ল ৰূপজ্যোতি । নতুনকৈ আৰম্ভ হ'ল ৰূপজ্যোতিৰ শ্বাসনলীৰ ইনফেকছন । কিন্তু গুৱাহাটীৰ গেইট চিকিৎসালয়ে কৰ'ণাভাইৰাছৰ বাবে গুৱাহাটীলৈ অহা-যোৱা কৰি থকাৰ সলনি শিৱসাগৰৰ চ্যাও লুং চ্যুকাফা মাল্টি স্পেছিয়েলিটি চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পৰামৰ্শ দিয়ে।

চিকিৎসা বিভাগৰ ফোপোলা স্বৰূপঃপুত্ৰৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত পিতৃৰ সহায় ভিক্ষা

সেই অনুসৰি চ্যাও লুং চ্যুকাফা মাল্টি স্পেছিয়েলিটি চিকিৎসালয়ত পুনৰ ৰূপজ্যোতিৰ শ্বাসনলীৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হয় যদিও কোনো বিশেষ উপশম নাপালে । যাৰ বাবে পুনৰ চ্যুকাফা চিকিৎসালয়ত ভৰ্তি হোৱা ৰূপজ্যোতিৰ আকৌ এবাৰ শ্বাসনলীৰ অস্ত্ৰোপচাৰ হ'ব । ইতিমধ্যে পুত্ৰৰ চাৰিটাকৈ অস্ত্ৰোপচাৰ কৰি মাটি-ভেটি বিক্ৰী কৰি সৰ্বাস্বান্ত হৈ পৰিছে যোৰহাট গড় আলিৰ কাৰ্তীক দাস । পুত্ৰক জীয়াই ৰখাৰ তীব্ৰ হেঁপাহৰ বাবে সকলো বিক্ৰী কৰি হলেও অব্যাহত ৰাখিছে চিকিৎসা । এতিয়া কাৰ্তীক দাসৰ হাতত বিক্ৰী কৰিবলৈও একো নাই। উপায়হীন হৈ পুত্ৰক সহায়ৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ লগতে অসমবাসী ৰাইজলৈ কৰযোৰে প্ৰাৰ্থনা জনাইছে কাৰ্তীক দাসে।

লগতে পঢ়কঃ পুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

ABOUT THE AUTHOR

...view details