আমগুৰি,৭ মে’ঃশিৱসাগৰ জিলাৰ আমগুৰিৰ বাঘজান চাহ বাগিচাত খাদ্য সংকটৰ সন্মুখীন দুটা পৰিয়াল ৷ চাহ বাগিচাখনৰ পকা লাইনৰ বাসিন্দা বিনোদ মিৰ্ধা আৰু সৰ্বন মিৰ্ধাৰ পৰিয়ালৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত ছদিনে পৰিয়াল দুটাক হোম কোৱাৰেণ্টাইনত ৰখা বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ খাদ্য সামগ্ৰী, খোৱাপানী আদি যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল দুটাই ৷
ইপিনে, পৰিয়াল দুটা বাসগৃহতে বন্দী হোৱাত মানসিকভাৱে ভাঙি পৰাৰ উপক্ৰম হৈছে ৷ এইক্ষেত্ৰত প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা ৷ সেয়ে পৰিয়াল দুটাক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে কিছু খাদ্য সামগ্ৰী যোগান ধৰি বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰে ৷