শিৱসাগৰ, 6 জুন :শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত হলগুৰিত অঘটন । দেওবাৰে পুৱাৰ ভাগত ৰহস্যজনকভাৱে এটা পুখুৰীত উদ্ধাৰ হৈছে এটি 5 বছৰীয়া কন্যা শিশুৰ মৃতদেহ ৷ মৃত কন্যা শিশুটি মধু নাথৰ জীয়ৰী ত্ৰিদিশা নাথ বুলি চিনাক্ত কৰা হৈছে ৷ সন্দেহজনকভাৱে নিৰুদ্দেশ হৈ আছে শিশুটিৰ মাতৃ জোনালী নাথ ৷
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱাৰ ভাগত মৃত ত্ৰিদিশা নাথৰ আইতাকে শুই উঠি পুখুৰীত গা ধুৱলৈ যোৱাৰ সময়তে পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ ৷ তাৰ পাচতেই অঞ্চলটোত সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতিৰ ৷ ইফালে পুখুৰীৰ পাৰৰ দলঙত উদ্ধাৰ কৰা হৈছে মাতৃ জোনালী নাথৰ চেণ্ডেল ৷