আমগুৰি, 28 ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰিৰ বালিপথাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ অসম আৰক্ষীত মকৰলৰ বাবে শাৰীৰিক অনুশীলন কৰি থকা অৱস্থাতে মৃত্যু অঞ্চলটোৰ যুৱক মনোজ ফুকনৰ ৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে সমগ্ৰ আমগুৰিত ৷ জানিব পৰা অনুসৰি, আমগুৰি বালিপথাৰৰ খগেন ফুকনৰ একমাত্ৰ পুত্ৰ মনোজ ফুকন নামৰ যুৱকজনে সোমবাৰে অসম আৰক্ষীত মকৰলৰ বাবে চামগুৰি মঙলা মাউৎ খেলপথাৰত শাৰীৰিক অনুশীল চলাই আছিল ৷ উক্ত সময়তে হৰ্ঠাৎ খেলপথাৰত ঢলি পৰে যুৱকজন ৷ যুৱকজনক ততাতয়াকৈ আমগুৰি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।
অসম আৰক্ষীত মকৰলৰ বাবে অনুশীলনৰত অৱস্থাতে যুৱকৰ মৃত্যু - যুৱকজনৰ মৃত্যুত ২০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী
চামগুৰি মঙলা মাউৎ খেলপথাৰত শাৰীৰিক অনুশীলন চলাই থকা অৱস্থাতে হৰ্ঠাৎ ঢলি পৰে মৃত্যু হয় যুৱকজনৰ ৷ যুৱক জনৰ মৃত্যুত ক্ষতিপুৰণৰ দাবী কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।
অসম আৰক্ষীত মকৰলৰ বাবে অনুশীলনৰত অৱস্থাতে যুৱকৰ মৃত্যু
ইয়াৰ পাছতেই দেশমাতৃক সেৱা কৰিবৰ বাবে তীব্ৰ সপোন পুহি ৰখা যুৱকজনৰ মৃত্যুত ২০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । উল্লেখ্য যে, এফালে অসম আৰক্ষীৰ বিভিন্ন পদৰ চাকৰিৰ বাবে দুইলাখ টকাত পৰীক্ষাৰ্থীৰ প্ৰশ্ন কাকত বিক্ৰী হোৱাৰ ঘটনা পোহৰলৈ অহাৰ সময়তে চাকৰিৰ বাবে শাৰিৰীক অনুশীলন চলোৱা অৱস্থাতে যুৱকৰ মৃত্যু হোৱা ঘটনাই শোকস্তব্ধ কৰিছে সচেতন ৰাইজক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷