আমগুৰি,17 মে’:এই সময় প্ৰকৃতিৰ সময় । বসন্তৰ মৌসনা পৰিৱেশত বৰণ সলোৱা প্ৰকৃতি যেন এতিয়া ৰূপহী গাভৰুজনী হৈ পৰিছে । বসন্তক বিদায় দি গ্ৰীষ্মৰ বোকোচাত ওমলিছে প্ৰকৃতিয়ে । আকাশত শুকুলা ডাৱৰ, বৰষুণে ধুই চিকচিয়া কৰিলে গছ লতা বোৰক ।
গ্ৰীষ্মৰ এই সময়ত প্ৰকৃতিৰ এনেবোৰ নয়নাভিৰাম দৃশ্য এতিয়া চৌদিশে ভৰি পৰিছে । ফুলিছে আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আৰু হালধীয়া সোণাৰু । প্ৰকৃতিৰ এনে বিনন্দিয়া সৌন্দৰ্যই মতলীয়া কৰে বহুজনৰ প্ৰাণ । কবি লেখকৰ কলমত সৃষ্টি হয় ৰঙীণ ভাৱ । গায়ক-গায়িকাৰ কণ্ঠত নিগৰে গান । সঁচাকৈ এয়া যেন প্ৰকৃতিৰ সময় । প্ৰকৃতিৰ প্ৰতিটো ইচ্ছাই মানৱ জাতিক শিকাই গৈছে বহু কথা । আমগুৰি, জাঁজী আৰু দিখৌমুখত দেখা হ'ল প্ৰকৃতিৰ কেতবোৰ মন পৰশা দৃশ্য ।