অসম

assam

ETV Bharat / state

গুৰুজনাৰ সৃষ্টিৰাজী সংৰক্ষণৰ অহোপুৰুষাৰ্থ চেষ্টা আমগুৰিৰ খনিকৰ দম্পতিৰ - শংকৰদেৱৰ অমূল্য সৃষ্টি নামঘৰ

বুৰঞ্জী প্ৰসিদ্ধ চাৰিংত অৱস্থিত চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ পবন খনিকৰ আৰু পত্নী নৱনীতা খনিকৰে তেওঁলোকৰ খনিকৰী বিদ্যা ধৰি ৰাখি সফলতা লাভ কৰাৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ পথৰ সন্ধান পাইছে ৷ ২০০২ চনৰ পৰা প্ৰায় বছৰে নিৰলস ভাৱে এই দম্পত্তীয়ে খনিকৰী বিদ্যাত ব্ৰতী হৈ আছে ৷ পৱন খনিকৰৰ সৃষ্টিৰাজীৰ বিশেষত্ব এইয়ে যে তেওঁ যি বিলাক আসন বা অন্যান্য সামগ্ৰী তৈয়াৰ কৰে, সেই সকলোবোৰতে হেঙুল আৰু হাঁইতাল ৰং ব্যৱহাৰ কৰি আহিছে ৷ যিবোৰৰ বজাৰ মূল্য বতমান প্ৰতি কেজিত 25 হাজাৰৰ পৰা 30 হাজাৰ টকা পৰ্যন্ত ৷

আমগুৰি

By

Published : Aug 9, 2019, 11:18 PM IST

শিৱসাগৰ, 9 আগষ্টঃ মহাপুৰুষ শংকৰদেৱৰ অমূল্য সৃষ্টি নামঘৰ । ধৰ্মীয় সাধনাৰ একমাত্ৰ স্থল নামঘৰৰ এক অপৰিহাস্য অংশ সিংহাসন, গৰুড়াসন, কৰণী, ঠগা আদি । নামঘৰতেই শংকৰ-মাধৱে সিংহাসন প্ৰতিষ্ঠা কৰি মানুহৰ অন্তৰত ধৰ্মীয় ভাৱ জাগ্ৰত কৰি অপকৰ্ম দূৰ কৰাৰ লগতে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে, যি সময়ত গুৰুজনাৰ সৃষ্টিৰাজী সংৰক্ষণৰ ক্ষেত্ৰত চূড়ান্ত ভাৱে ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে , ঠিক সেই সময়তে শিৱসাগৰ জিলাৰ চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ এটা দম্পতীয়ে গুৰুজনাৰ সৃষ্টি সিংহাসন, গৰুড়াসন, কৰণী, ঠগা ইত্যাদি অতি সুন্দৰ ভাৱে নিৰ্মাণ কৰি গুৰুজনাৰ সৃষ্টিৰাজী ধৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে ৷

গুৰুজনাৰ সৃষ্টিৰাজী সংৰক্ষণ

বুৰঞ্জী প্ৰসিদ্ধ চাৰিংত অৱস্থিত চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ পবন খনিকৰ আৰু পত্নী নৱনীতা খনিকৰে তেওঁলোকৰ খনিকৰী বিদ্যা ধৰি ৰাখি সফলতা লাভ কৰাৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ পথৰ সন্ধান পাইছে ৷ ২০০২ চনৰ পৰা প্ৰায় বছৰে নিৰলস ভাৱে এই দম্পত্তীয়ে খনিকৰী বিদ্যাত ব্ৰতী হৈ আছে ৷ পৱন খনিকৰৰ সৃষ্টিৰাজীৰ বিশেষত্ব এইয়ে যে তেওঁ যি বিলাক আসন বা অন্যান্য সামগ্ৰী তৈয়াৰ কৰে, সেই সকলোবোৰতে হেঙুল আৰু হাঁইতাল ৰং ব্যৱহাৰ কৰি আহিছে ৷ যিবোৰৰ বজাৰ মূল্য বতমান প্ৰতি কেজিত 25 হাজাৰৰ পৰা 30 হাজাৰ টকা পৰ্যন্ত ৷

খনিকৰ দম্পত্তীয়ে বহু যুৱকক এই বিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে যদিও আৰ্থিক অক্ষমতাৰ বাবে থমকি ৰ'ব লগা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰৰ নামঘৰলৈ আসনকে ধৰি শংকৰী কৃষ্টিৰ অন্তৰ্গত মূল্যবান সামগ্ৰী যোগান ধৰা পৱন খনিকৰৰ পৰিয়ালটো সমাজৰ কাৰণে আদৰ্শস্বৰূপ ।

ABOUT THE AUTHOR

...view details