শুনানীৰ নামত হাৰাশাস্তিঃ বকোৰ পৰা আমগুৰিলৈ আহিল শতাধিক পৰিয়াল - নাগৰিকপঞ্জী
নাগৰিকপঞ্জীৰ কাম চলি থকাৰ মাজতে ২৪ ঘণ্টাৰ ভিতৰত বকোৰ হাজাৰ হাজাৰ পৰিয়াললৈ আহিছে এখন জাননী ৷ জাননী লাভ কৰাৰ পাছতে ২৪ ঘণ্টাৰ ভিতৰত টকা ধাৰলৈ লৈ বকোৰ শ-শ লোক আহিল আমগুৰিলৈ ৷ লক্ষ্য এন আৰ চি শুনানিত অংশগ্ৰহণ কৰি নাগৰিকত্বৰ অধিকাৰ লাভ কৰা ৷
এখন জাননী আৰু আমগুৰিত শ শ লোক
আমগুৰি ৭ আগষ্ট: আমগুৰিৰ এন আৰ চি কেন্দ্ৰই বকোৰ শতাধিক পৰিয়াললৈ প্ৰেৰণ কৰিলে জাননী ৷ জাননী পাই আমগুৰিত উপস্থিত হয় শ-শ লোক ৷ এন আৰ চিৰ শুনানিত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল জাননী ৷ ইফালে,এই লোকসকলৰ খোৱা বোৱাৰ অসুবিধাৰ সন্মুখীন হোৱাত স্থানীয় একাংশ যুৱকে লোকসকলক যোগান ধৰে খাদ্য আৰু পানী ৷ শুনানিত অংশগ্ৰহণ কৰিবলৈ অহা শ-শ লোকে মানৱ ধৰ্ম পালন কৰা আমগুৰিৰ যুৱককেইজনক যোগান ধৰা খাদ্যৰ বাবে জনালে ধন্যবাদ ৷
Last Updated : Aug 7, 2019, 1:00 PM IST