শিৱসাগৰ,7জুনঃ নাই অনাময় আঁচনি , নাই বিশুদ্ধ খোৱাপানী ব্যৱস্থা ,আনকি নাই এটা আৱাসগৃহও ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰী পঞ্চায়তৰ অধীনৰ বাউলিপুখুৰীৰ বহু কেইটা পৰিয়ালৰ এতিয়া এনে দুৰৱস্থা ৷ আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰাহীবাৰী পঞ্চায়তৰ অধীনস্থ বাউলি পুখুৰীৰ কৈৱৰ্ত গাঁওৰ পাঁচ জন সদস্যৰে সৈতে পুতলী দাস নামৰ এটি পৰিয়ালে ত্ৰিপালেৰে এটা তম্বু তৰি থাকিবলগীয়া হৈছে ৷ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বিধৱা পুতলী দাসে পঞ্চায়তত বহুবাৰ আবেদন কৰাৰ পিছতো লাভ নকৰিলে এটা আৱাসগৃহ । পঞ্চায়তত পৰিয়ালটিৰ হৈ স্থানীয় লোকেও এটি প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য আৱাস যোজনা আঁচনিৰ অধীনত এটি চৰকাৰী ঘৰ দিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কাণসাৰ নিদিলে বিভাগীয় কৰ্তৃপক্ষই । ইফালে পঞ্চায়ত বিষয়ববীয়াই ঘৰ দিম বুলি মহিলা গৰাকীৰ পৰা যাৱতীয় নথি পত্ৰও লৈছিল । কেৱল পুতলী দাসৰে নহয় বৰাহীবাৰী পঞ্চায়তটোৰ এটাও চৰকাৰী গৃহ আৱন্টন নহ'ল । এই ক্ষেত্ৰত গুৰুত্ব নাই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰো ৷
নাই অনাময় আঁচনি, নাই বিশুদ্ধ খোৱাপানীঃ তম্বুৰ তলত দুৰ্বিষহ জীৱন দৰিদ্ৰৰ - barahbari_panchayat
শিৱসাগৰ আমগুৰিত অনাময় আঁচনি, বিশুদ্ধ খোৱাপানী আৰু আৱাস গৃহ বিচাৰি হাহাকাৰ পৰিস্থিতি দৰিদ্ৰ জনতাৰ ৷
কোনে বুজিব দৰিদ্ৰৰ দুখ !
কেৱল ঘৰৰ দুৰৱস্থাই নহয় অঞ্চলটোৰ স্বচ্ছতাৰ দিশটোও তেনেই তথৈবচ ৷ লক্ষণীয়ভাৱে, অঞ্চলবাসীৰ নাই এটাও শৌচাগাৰ ৷ বৰাহীবাৰী বাউলীপুখুৰী কৈৱৰ্ত গাঁৱৰ শতাধিক পৰিয়ালে শৌচাগাৰৰ অভাৱত মুকলিতে মলত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ এই দুৰ্ভগীয়া পৰিয়ালকেইটাৰ ওপৰত কেতিয়াবা বিভাগ তথা চৰকাৰী কৰ্তৃপক্ষৰ সদয় দৃষ্টি পৰিবনে সেয়া এই সময়ত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷