শিৱসাগৰ, ১৯ জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰি ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ বানে থানবান কৰি গ'ল কৃষকৰ সপোন । বানৰ বালিয়ে ঢাকি পেলালে কৃষকৰ সমগ্ৰ কৃষিভূমি ।
বানে থানবান কৰি গ'ল কৃষকৰ সপোন - কৃষিভূমি
আমগুৰি ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ বানে কৃষিভূমিৰ লগতে কঠীয়াতলি পলসেৰে পুঁতি পেলোৱাত মূৰে-কঁপালে হাত দিছে কৃষকে ৷
বানে থানবান কৰি গ'ল কৃষকৰ সপোন
সমগ্ৰ ৰাজ্যখনতে প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাইজৰ । শিৱসাগৰ জিলাতো একেই পৰিস্থিতি । হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনস্ত হোৱাৰ উপৰিও ঘৰ দুৱাৰৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি হয় । আমগুৰি ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ বানে কৃষিভূমিৰ লগতে কঠীয়াতলি বালিৰ পলসে পুঁতি পেলোৱাত মূৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । উপায়ন্তৰ হৈ চৰকাৰ তথা প্ৰশাসনক সহায়ৰ বাবে আহ্বান জনাইছে বানাক্ৰান্ত লোক সকলে ।
লগতে আন এটা বাতৰি - মহানগৰীৰ মাজিৰিগাঁৱত বানাক্ৰান্তৰ পথ অৱৰোধ