অসম

assam

ETV Bharat / state

87 ত খোজ থ'লে কথাশিল্পী ইমৰাণ শ্বাহে - যুগদ্ৰষ্টা ইমৰাণ শ্বাহে ভৰি দিলে 87 বছৰত বয়সত

অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ওপজা দিন ৷ অসমীয়া ভাষা সাহিত্যৰ এগৰাকী অন্যতম যুগদ্ৰষ্টা ইমৰাণ শ্বাহে ভৰি দিলে 87 বছৰত বয়সত ৷

86 সংখ্যক ওপজা দিন কথাশিল্পী ইমৰান শ্বাহৰ

By

Published : Nov 23, 2019, 1:30 PM IST

শিৱসাগৰ, 23 নৱেম্বৰঃ অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ওপজা দিন ৷ অসমীয়া ভাষা সাহিত্যৰ এগৰাকী অন্যতম যুগদ্ৰষ্টা ইমৰাণ শ্বাহে ভৰি দিলে 87 বছৰত বয়সত ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া সাহিত্যৰ এক অন্যতম মাইলৰ খুঁটি ইমৰাণ শ্বাহ 1933 চনত শিৱসাগৰৰ ধাই আলিত জন্মগ্ৰহণ কৰিছিল ৷ আশীৰ দেওনা অতিক্ৰমী সাহিত্যিকগৰাকী এতিয়াও যেন চিৰ তৰুণ ৷ তেওঁ এতিয়াও ব্যস্ত বাৰীৰ ফুল-পাচলিৰ আৱদাৰত ৷ হাতত কলম লৈ এতিয়াও ধ্যানমগ্ন নিজৰ সৃষ্টি সাধনাত ৷ এতিয়া তেওঁ নতুনৰ সন্ধানত নতুন গ্ৰন্থৰ সুবাস বিচাৰি খোজ পেলাইছে ইন্টাৰনেটৰ জগতত ৷ ইমৰাণ শ্বাহে এতিয়া ইণ্টাৰনেটত সোৱাদ লৈছে থমান মানৰ "ডেথ ইন ভেনিচ এণ্ড চেভেন আডাৰ ষ্টৰিজ"ৰ দৰে জগত বিখ্যাত গ্ৰন্থৰ ৷ নৱবৰ্ষত তেওঁ নতুন গ্ৰন্থ উপহাৰ দিব অসমবাসীৰ বাবে ৷

86 সংখ্যক ওপজা দিন কথাশিল্পী ইমৰান শ্বাহৰ

ঈষাণ দত্ত, বাবুল ,অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামৰে অসংখ্য গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা আজানপীৰ বঁটা প্ৰাপক সাহিত্যিক গৰাকীয়ে সাহিত্যৰ ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থৱিৰ হৈ পৰা নাই ৷ আনহাতে সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জৱানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহুকেইখন গ্ৰন্থৰ শ্ৰষ্টা ইমৰাণ শ্বাহে চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল ৷ নৱম শ্ৰেণীত পঢ়ি থাকোতেই 'বনবাসী'ৰ দৰে কবিতা সংকলনৰ ৰচনা সম্ভৱ কৰা ইমৰাণ শ্বাহৰ মতে আজিৰ দিনত অসমীয়া সাহিত্যৰ অৱস্থা ভাল ৷

লগতে কয় যে আজিৰ সাহিত্যৰ ক্ষেত্ৰ নতুন নতুন সাহিত্যিকেৰে ভৰপুৰ ৷ কিন্তু এইসকলে সাহিত্য সৃষ্টিৰ প্ৰকৃত সুবিধা আৰু সমল লাভ কৰা নাই ৷ তেওঁৰ দৃষ্টিত বিশ্বসাহিত্যৰ ভাণ্ডাৰৰ সৈতে আজিৰ পাঠক পৰিচিত হোৱা উচিত । তাৰ বাবে প্ৰয়োজন ন’বেল-বুকাৰৰ দৰে বঁটাপ্ৰাপ্ত গ্ৰন্থৰ যোগান । কিন্তু অসমৰ গ্ৰন্থ বিপনী অথবা গ্ৰন্থমেলাত এই গ্ৰন্থবোৰ সুলভ নহয় । এনে গ্ৰন্থ পঢ়িলেহে আজিৰ প্ৰজন্ম বিশ্ব মানদণ্ডৰ সৈতে চিনাকি হ’ব বুলিও তেওঁ মন্তব্য আগবঢ়ায় ৷ এই গৰাকী মহান মনিষীৰ ওপজা দিনত অলেখ-অযুত শুভেচ্ছাৰে ওপচাই পেলাই অসংখ্য গুণমুগ্ধই ৷

আৰু পঢ়কঃ কোকৰাঝাৰত প্ৰশিক্ষণৰত অৱস্থাত মৃত্যু পেৰাগ্লাইডিং খেলুৱৈৰ

ABOUT THE AUTHOR

...view details